আজি বিশ্ব এইডচ দিৱসঃ জানক HIV ৰ লক্ষণ, চিকিৎসা আদি সকলো…
আজি বিশ্ব এইডচ দিৱস। প্ৰতি বছৰে ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইডচ দিৱস হিচাপে পালন কৰা হয়। এই ৰোগৰ ভয়াবহতাৰ বিষয়ে মানুহক সজাগ কৰাৰ বাবে এই দিৱস পালন কৰা হয়। উল্লেখ্য যে, চৰকাৰে বিনামূলীয়াকৈ এই ৰোগৰ ঔষধ প্ৰদান কৰে।
প্ৰতি বছৰে ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইডচ দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত এইডচ আৰু এইচ আই ভিৰ ভয়াবহতাৰ বিষয়ে জনতাক সজাগ কৰা হয়। ২০২৪ বৰ্ষৰ বিশ্ব এইডচ দিৱসৰ বিষয়বস্তু অতি বিশেষ। ২০২৪ বৰ্ষৰ বিশ্ব এইডচ দিৱসৰ বিষয়বস্তু- “Take the Rights Path”. এই বিষয়বস্তুয়ে এইডচ আই ভিত আক্ৰান্তলোকৰ অধিকাৰৰ কথা কয়। এই বিষয়বস্তুৰ দ্বাৰা ২০৩০ চনলৈ বিশ্বৰ পৰা এইডচ শেষ কৰাৰ চেষ্টা চলোৱা হ’ব।
ইতিহাস
বিশ্ব স্বাস্থ্য সংস্থা আৰু UNAIDS য়ে প্ৰথমবাৰৰ বাবে ১৯৮৮ চনত বিশ্ব এইডচ দিৱস পালন কৰিছিল। ইয়াৰ আৰম্ভণি কৰিছিল জেমছ ডব্লিউ বান আৰু থমাছ নেটাৰ। দুয়োজনেই বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) জনসংযোগ বিষয়া হিচাপে কাম কৰিছিল। তেওঁলোকে বিচাৰিছিল এই ৰোগৰ বিষয়ে জনতাক সজাগ কৰা। পৰৱৰ্তী সময়ত এই দিৱস পালনৰ বাবে ১ ডিচেম্বৰৰ দিনটো নিৰ্ধাৰণ কৰা হৈছিল।
HIV
হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছে (HIV) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰি দুৰ্বল কৰি তোলে। ইয়াৰ লগে লগে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল হৈ পৰে আৰু সংক্ৰমণৰ শংকা বৃদ্ধি পায়। HIV পাছলৈ এক্ৱাইৰড ইমিউন’ডেফিচিয়েন্সি চিণ্ড্ৰম (এইডছ) AIDS ৰ ৰূপ লয়।
কিয় সংক্ৰমণ হয়
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি এইচ আই ভি এটা ভাইৰাচৰ দ্বাৰা হোৱা সংক্ৰমণ। অসুৰক্ষিত যৌন সম্পৰ্ক, সংক্ৰমিত ব্যক্তিৰ তেজৰ জৰিয়তে, গৰ্ভাৱস্থাত মাতৃৰ পৰা শিশুলৈ আদিকে ধৰি বিভিন্ন ধৰণে এই ৰোগ বিয়পিব পাৰে। অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবে এই ৰোগ অধিক হোৱা দেখা যায়।
HIV ৰ লক্ষণ
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এইচ আই ভিৰ লক্ষণ প্ৰতিটো পৰ্যায়তে বেলেগ বেলেগ হয়। ভাইৰাছৰ সংক্ৰমণলৈ অহাৰ প্ৰায় ২-৪ সপ্তাহৰ ভিতৰত শৰীৰত এই ৰোগৰ লক্ষণ দেখা দিয়ে। প্ৰথম অৱস্থাত জ্বৰ, মূৰৰ বিষ, ডিঙিৰ সমস্যা আদিৰ সৃষ্টি হয়। সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে আন লক্ষণসমূহে দেখা দিয়ে।
- ফুলি উঠা লিম্ফ ন’ড
- অত্যাধিক হাৰত ওজন কমা।
- জ্বৰ হোৱা
- ডায়েৰিয়া আৰু কাহ
- গুৰুতৰ বেক্টেৰিয়াৰ সংক্ৰমণ
- কিছুমান বিশেষ ধৰণৰ কেন্সাৰ হোৱা।
- শিশুক মাকৰ গাখীৰ খুৱালে
- সংক্ৰমিক ব্যক্তিয়ে ব্যৱহাৰ কৰা বেজী
পৰ্যায়
সংক্ৰমণৰ প্ৰথম পৰ্যায়ত মানুহে লক্ষণসমূহ বেছি অনুভৱ নকৰে। ব্যক্তিৰ দেহত সাধাৰণ লক্ষণসমূহে দেখা দিয়ে। জ্বৰ, কাহ,ডায়েৰিয়া, ওজন কমা, ভাগৰ অনুভৱ হোৱা আদি সাধাৰণ লক্ষণে দেখা দিয়ে।
দ্বিতীয় পৰ্যায়তো বহু মানুহে এই ৰোগৰ বিষয়ে গম নাপায়। কেতিয়াবা বছৰৰ পাছত বছৰ পাৰ হৈ যোৱাৰ পাছতো মানুহে এই ৰোগৰ বিষয়ে গম নাপায়। কিন্তু এই ক্ষেত্ৰত সময়মতে যত্ন নল’লে এইডছত আক্ৰান্ত হয়।
এই ৰোগৰ তৃতীয় পৰ্যায়ত এইডচ হয়। এনে ক্ষেত্ৰত মানুহক এনেটি ৰেট্ৰোভাইৰেল থেৰাপী দিয়া হয়। এই পৰ্যায়ত চিকিৎসাৰ আৱশ্যক। নহ’লে ৩ বছৰৰ ভিতৰত মানুহৰ মৃত্যুও হ’ব পাৰে।
কিহৰ দ্বাৰা সংক্ৰমণ নহয়
- পোক-পৰুৱাৰ কামোৰৰ পৰা
- লেলাউতিৰ পৰা
- ঘামৰ পৰা
- চকুপানীৰ পৰা
- মানুহক সাৱতি ধৰাৰ দ্বাৰা
- ৰুমাল বা টাৱেল শ্বেয়াৰ কৰিলে
- একেই বাথৰুম ব্যৱহাৰ কৰিলে
চিকিৎসা
ছফদাৰজং হাস্পতালৰ কমিউনিটি মেডিচিন বিভাগৰ এইচ অ’ ডি অধ্যাপক ডাঃ যুগল কিশোৰে কয় যে এ আৰ টি ঔষধে এইচ আই ভি ভাইৰাছ নিয়ন্ত্ৰণত ৰাখে। ইয়াৰ ফলত এইচ আই ভি এইডছলৈ পৰিণত নহয়। যদি কোনো ব্যক্তিৰ এইচ আই ভিৰ লক্ষণ দেখা যায় তেন্তে চৰকাৰী চিকিৎসালয়লৈ গৈ নিজৰ পৰীক্ষা কৰিব পাৰে। এইচ আই ভি পৰীক্ষা আৰু চিকিৎসা গোপনীয় কৰি ৰখা হয়। পৰীক্ষাত যদি ব্যক্তিজন এইচ আই ভি পজিটিভ পোৱা যায়, তেন্তে তেওঁ চিকিৎসালয়খনৰ এ আৰ টি চেণ্টাৰত নিজকে পঞ্জীয়ন কৰি তাত চিকিৎসা আৰম্ভ কৰিব পাৰে। এইচ আই ভি পৰীক্ষাৰ পৰা আৰম্ভ কৰি ঔষধলৈকে সকলো চিকিৎসালয়ত একেবাৰে বিনামূলীয়া।
উল্লেখ্য যে, চৰকাৰে বিনামূলীয়াকৈ এই ৰোগৰ ঔষধ প্ৰদান কৰে।চিকিৎসালয়ৰ এ আৰ টি চেণ্টাৰত এইচ আই ভিৰ ঔষধ বিনামূলীয়াকৈ পোৱা যায় আৰু প্ৰতিমাহে বা কেন্দ্ৰৰ বিষয়াৰ নিৰ্দেশ অনুসৰি ঔষধ ল’বলৈ যাব লাগে। ৰোগীয়ে ঔষধ খাবলৈ যোৱাটো প্ৰয়োজনীয়।