আজি বিশ্ব হৃদযন্ত্ৰ দিৱসঃ যুৱপ্ৰজন্মৰ মাজত কিয় বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা? কি কয় বিশেষজ্ঞই... | World Heart Day 2024 heart attack case rise among youth experts advice Assam news - Assam Tv9

আজি বিশ্ব হৃদযন্ত্ৰ দিৱসঃ যুৱপ্ৰজন্মৰ মাজত কিয় বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা? কি কয় বিশেষজ্ঞই…

Published: 

28 Sep 2024 16:30 PM

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ আৰু কাৰ্ডিয়াক এৰেষ্টৰ দৰে ঘটনা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত সকলোৱে নিজৰ হৃদযন্ত্ৰৰ প্ৰতি ভালদৰে যত্ন লোৱাটো প্ৰয়োজনীয় হৈ পৰিছে।

আজি বিশ্ব হৃদযন্ত্ৰ দিৱসঃ যুৱপ্ৰজন্মৰ মাজত কিয় বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা? কি কয় বিশেষজ্ঞই...

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

আজি বিশ্ব হৃদযন্ত্ৰ দিৱস। মানুহৰ মাজত হৃদৰোগ সন্দৰ্ভত সজাগতা বিয়পোৱাৰ লক্ষ্যৰে এই দিৱস উদযাপন কৰা হয়। বৰ্তমান সময়ত এই দিৱসৰ প্ৰাসঙ্গিকতা অধিক বৃদ্ধি পাইছে। কিয়নো বিশ্বজুৰি এতিয়া উদ্বেগজনক হাৰত বৃদ্ধি পাইছে হৃদ ৰোগ। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেকৰ দৰে ঘটনা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। খেলি থকাৰ সময়ত বা আনন্দ উপভোগেৰে নাচি থকাৰ সময়ত বা জীমত শাৰীৰিক কচৰৎ কৰি থকাৰ সময়তো বহু যুৱক-যুৱতী হাৰ্ট এটেকৰ চিকাৰ হোৱা দেখিবলৈ পোৱা গৈছে।

এনে ধৰণৰ বহু ঘটনাৰ দৃশ্য শেহতীয়া কিছুদিনত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দেখা গৈছে। এনে ঘটনাসমূহত সতৰ্কবাণী আখ্যা দিছে বিশেষজ্ঞসকলে। এনে পৰিস্থিতিত সকলোৱে নিজৰ হৃদযন্ত্ৰৰ প্ৰতি ভালদৰে যত্ন লোৱাটো প্ৰয়োজনীয় হৈ পৰিছে। যুৱক-যুৱতীসকলে নিজৰ হৃদযন্ত্ৰৰ বিশেষ যত্ন লোৱাৰ লগতে সময়ে সময়ে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰতো দৃষ্টি ৰাখিব লাগিব।

ইয়াৰ বাবে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগত জড়িত বিপদ চিনাক্ত কৰিবলৈ ইচিজি আৰু চিটি স্কেন, এঞ্জিঅ’গ্ৰাফী আদি কৌশল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে। সাধাৰণতে মানসিক চাপ, অস্বাস্থ্যকৰ জীৱনশৈলী তথা খাদ্যাভ্যাস, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদি ৰোগৰ বাবে যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাইছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এনে কাৰণসমূহৰ বাবেই বিগত কেইবছৰমানৰ পৰা হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ আৰু কাৰ্ডিয়াক এৰেষ্টৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। সেয়ে সাম্প্ৰতিক সময়ত বয়স নিৰ্বিশেষে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। দিল্লীৰ ধৰ্মশিলা নাৰায়ণ চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ সঞ্চালক তথা জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ প্ৰদীপ কুমাৰ নায়কে এই সন্দৰ্ভত কিছু পৰামৰ্শ আগবঢ়াইছে।

তেওঁ কয় যে সময়ৰ পূৰ্বেই হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ ধৰা পেলাব পৰাকৈ এতিয়া বহু কৌশল উপলব্ধ। চিটি স্কেন আৰু এঞ্জিঅ’গ্ৰাফীৰ দৰে পদ্ধতিয়ে ৰোগৰ আশংকা সময়মতে ধৰা পেলোৱাটো সহজ কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে। একেদৰে নাৰায়ণা চিকিৎসালয়ৰ কাৰ্ডিঅ’লজী বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ৰচিত সক্সেনাই কয় যে নৱপ্ৰজন্মৰ মাজত উচ্চ ৰক্তচাপৰ দৰে স্বাস্থ্যজনিত সমস্যা অতি সাধাৰণ হৈ পৰিছে।

এনে সমস্যা বহু সময়ত আওকাণ কৰা হয় বুলি উল্লেখ কৰি তেওঁ লগতে এনে বহু লোকে অত্যন্ত কম শাৰীৰিক ক্ৰিয়া-কলাপ কৰে বুলিও আঙুলিয়াই দিয়ে। নিজকে সুস্থ বুলি ভাৱি যুৱক-যুৱতীসকলে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা নকৰে আৰু ই অত্যন্ত বিপদজনক বুলি তেওঁ সকীয়াই দিয়ে। সেয়ে আজিৰ সময়ত ৩০ বছৰ বয়সৰ পিছত প্ৰতি বছৰে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা উচিত বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়।

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version