World Liver Day: আজিয়েই ত্যাগ কৰক এইসমূহ অভ্যাসে! নষ্ট হ’ব পাৰে যকৃত, জানক চিকিৎসকে কি কয়
World Liver Day: ব্যস্ত জীৱনশৈলীৰ প্ৰভাৱ আমাৰ শীৰৰটো পৰে। যদি আমি আমাৰ কিছুমান অভ্যাস বাদ নিদিও তেন্তে যকৃতৰ সমস্যা পৰ্যন্ত হ'ব পাৰে। গতিকে আমি কিছুমান বিশেষ অভ্যাস গঢ় দিয়া আৰু কিছুমান এৰি চলা দৰকাৰ।

বিশ্ব যকৃত দিৱস
মানুহৰ শৰীৰত বিভিন্ন অংগ থাকে আৰু প্ৰতিটো অংগই বেলেগ বেলেগকৈ কাম কৰে। আমাৰ শৰীৰৰ সুস্থ আৰু উন্নত জীৱনৰ বাবে এই অংগসমূহে ভালদৰে কাম কৰা অতি প্ৰয়োজন। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ হ’ল যকৃত। তেজৰ পৰা ক্ষতিকাৰক পদাৰ্থ আঁতৰোৱাৰ উপৰিও ই আন বহুতো কাম কৰে। ই এক প্ৰকাৰৰ গ্ৰন্থি, কিয়নো ই শৰীৰৰ আন অংশৰ বাবে প্ৰয়োজনীয় প্ৰটিন আৰু হৰম’ন তৈয়াৰ কৰে। কিন্তু আজিকালি মানুহৰ জীৱনশৈলী সলনি হৈছে। যাৰ প্ৰভাৱ আমাৰ শৰীৰত পৰে। বিভিন্ন সমস্যাৰ লগতে মানুহৰ যকৃতৰ সমস্যাই বৃদ্ধি পাইছে । ইয়াৰ ফলত ফেটি লিভাৰ, চিৰ’ছিছ আৰু কেন্সাৰ আদি হোৱা দেখা যায়।
বিশ্ব যকৃত দিৱস
প্ৰথম অৱস্থাত এই ৰোগসমূহৰ লক্ষণ দেখা পোৱা নাযায়। কিন্তু যেতিয়া ইয়াৰ বিষয়ে ৰোগীয়ে গম পাই তেতিয়া ইয়াৰ চিকিৎসা কৰাটো কঠিন হৈ পৰে। এনে পৰিস্থিতিত এই গুৰুতৰ সমস্যাবোৰৰ পৰা নিজকে ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। সেয়েহে ক্ৰমাৎ বৃদ্ধি পোৱা যকৃতৰ ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে ইয়াৰ প্ৰতিৰোধৰ বিষয়ে জনাবলৈ প্ৰতি বছৰে ১৯ এপ্ৰিলত বিশ্ব যকৃত দিৱস পালন কৰা হয়।
কোৱা হয় যে, বেছিকৈ সুৰাপান কৰিলে যকৃতৰ ক্ষতি হয়। কিন্তু ইয়াৰোপৰি এনে বহুত অভ্যাস আছে যিসমূহে আমাৰ যকৃতৰ ক্ষতিসাধন কৰে। জানি বা নাজানি এই অভ্যাস গঢ় লৈ উঠিলে ই সমস্যাৰ সৃষ্টি কৰে।
যকৃত ৰোগৰ কাৰণ
দিল্লীৰ শ্ৰীবালাজী একচন মেডিকেল ইনষ্টিটিউটৰ মেডিকেল এণ্ড ইন্টাৰভেনচনেল গেষ্ট্ৰ’এণ্টেৰ’লজী এণ্ড হেপাট’লজীৰ সঞ্চালিকা ডাঃ মনিকা জৈনে কয় যে আমাৰ দৈনন্দিন কিছুমান বেয়া অভ্যাসে ক্ৰমান্বয়ে যকৃতৰ ক্ষতি কৰিব পাৰে। বেছিকৈ ভজা বা তেল দিয়া বস্তু খোৱা, সুৰাপান কৰা, ধূমপান আৰু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ খোৱা আদিৰ ফলত যকৃতৰ সমস্যা হ’ব পাৰে। ইয়াৰোপৰি নী কমকৈ খোৱা, টোপনিৰ অভাৱ, মেদবহুলতা আজিৰ যকৃত বেয়া হোৱাৰ প্ৰধান কাৰক।
কেনেকৈ সুস্থ ৰাখিব
যকৃতক সুস্থ কৰি ৰাখিবলৈ সুষম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়, যাতে শৰীৰে সকলো ধৰণৰ ভিটামিন আৰু পুষ্টিকৰ উপাদান লাভ কৰিব পাৰে। সেউজীয়া পাতৰ শাক-পাচলি, বতৰৰ ফল-মূল, অংকুৰিত শস্য, নেমু, আমলা, হলুদ আৰু আঁহযুক্ত খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। ইযাৰোপৰি অত্যাধিক ভজা, অত্যাধিক টেঙা, চেনি, অত্যাধিক নিমখ, কিছুমান মাংস, শীতল পানীয় আদিৰ পৰা আঁতৰি থাকিব লাগে । ইয়াৰোপৰি যকৃত সুস্থ কৰি ৰাখিবলৈ কুহুমীয়া পানী খোৱা, নিয়মিতভাৱে ব্যায়াম কৰা আৰু মানসিক চাপ কমোৱাটো গুৰুত্বপূৰ্ণ। প্ৰতিদিনে ৭-৮ ঘন্টা শোৱা শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
সকলোৱে মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰিব লাগে যাতে যিকোনো সমস্যা আগতীয়াকৈ চিনাক্ত কৰি সময়মতে ইয়াৰ চিকিৎসা আৰম্ভ কৰিব পৰা যায়। গতিকে সৰু সৰু কিছুমান কথাত গুৰুত্ব দিলে যকৃতৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি।
অন্য খবৰ পঢ়কঃ ইউৰিক এচিড বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? কেনেকৈ পাব পৰিত্ৰাণ, জানক চিকিৎসকে কি কয়…