World Tourism Day 2024: বন্ধু-বান্ধৱীক ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰক, বিশেষ দিনটোত এনেদৰে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিব পাৰে | world tourism day 2024 date history theme host country wishes images facebook and whatsapp status share in assamese Assam news - Assam Tv9

World Tourism Day 2024: বন্ধু-বান্ধৱীক ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰক, বিশেষ দিনটোত এনেদৰে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিব পাৰে

Updated On: 

27 Sep 2024 09:28 AM

Happy World Tourism Day 2024 Wishes : প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বজুৰি পৰ্যটনৰ গুৰুত্বক প্ৰচাৰ কৰা আৰু ইয়াৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক মূল্যক উজ্জ্বল কৰি তোলা।

World Tourism Day 2024: বন্ধু-বান্ধৱীক ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰক, বিশেষ দিনটোত এনেদৰে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিব পাৰে

বন্ধু-বান্ধৱীক ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰক

Follow Us On

পৰ্যটনে স্থানীয় আৰু ৰাষ্ট্ৰীয় অৰ্থনীতি বৃদ্ধি কৰে আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে। স্থানীয় ব্যৱসায়ৰ প্ৰচাৰৰ উপৰিও পৰ্যটনেও সংস্কৃতিৰ পৰিচয় দিয়ে। এই দিৱসৰ মূল উদ্দেশ্য হৈছে মানুহক ভ্ৰমণ আৰু নতুন ঠাই বিচাৰি উলিয়াবলৈ অনুপ্ৰাণিত কৰা, যাৰ ফলত বিশ্ব সমাজত ঐক্য আৰু বুজাবুজি বৃদ্ধি পায়।

পৰ্যটন দিৱস

১৯৮০চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২৭ছেপ্তেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে। বিশ্ব পৰ্যটন দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য। ১৯৭০ চনৰ ২৭চেপ্তেম্বৰত বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল। ১৯৯৭চনৰ পৰা প্ৰতি বছৰে একোটা নতুন বিষয়-বস্তু (থিম) লৈ বিশ্ব পৰ্যটন দিৱস উদ্যাপন কৰি অহা হৈছে। বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই থিম যুগুত কৰা হয়।

উদ্দেশ্য

এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা। তদুপৰি পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।

ইয়াৰ গুৰুত্ব আলোকপাত কৰাৰ উদ্দেশ্যেৰে এই দিৱস উদযাপন আৰম্ভ কৰা হৈছিল ৷ এই দিৱসটোৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথাৰ লগতে এই দিৱসটো কোনটো থিম লৈ পালন কৰা হৈছে সেই বিষয়ে জানো আহক ৷

বিশ্ব পৰ্যটন দিৱস উপলক্ষে আপোনাৰ বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু আপোনজনক ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰক। পৰ্যটনক প্ৰচাৰ কৰাৰ সময়ত আপোনাৰ অভিজ্ঞতাক প্ৰচাৰ কৰক। পৰ্যটন দিৱসত এই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি আপোনাৰ ঘনিষ্ঠসকলক ভ্ৰমণত যাবলৈ উৎসাহিত কৰক।

  1. ভ্ৰমণ কৰক, সপোন পূৰণ কৰক
    নতুন কথা শিকিব, বিশ্বক চিনি পাব।বিশ্ব পৰ্যটন দিৱসৰ শুভেচ্ছা জনালোঁ
  2. দৃশ্য উপভোগ কৰক,
    যাত্ৰা উপভোগ কৰক।বিশ্ব পৰ্যটন দিৱসৰ শুভেচ্ছা জনালোঁ
  3. পৃথিৱীখন চাওক,
    জীৱন যাপন কৰক,
    ভ্ৰমণ উপভোগ কৰক।বিশ্ব পৰ্যটন দিৱসৰ শুভেচ্ছা জনালোঁ
  4. নতুন যাত্ৰাক আদৰি লওক,
    নতুন অভিজ্ঞতাক আকোৱালি লওক।বিশ্ব পৰ্যটন দিৱসৰ শুভেচ্ছা জনালোঁ
  5. পৃথিৱীখন চোৱাৰ সময় হ’ল
    আহক ভ্ৰমণলৈ যাওঁ।বিশ্ব পৰ্যটন দিৱসৰ শুভেচ্ছা জনালোঁ

 

 

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version