5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

World Tourism Day 2024: বিশ্ব পৰ্যটন দিৱসৰ ইতিহাস, গুৰুত্ব আৰু বিষয়বস্তুৰ বিষয়ে জানি লওক

পৰ্যটন হৈছে এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খণ্ড যি অৰ্থনৈতিক বিকাশত সহায় কৰে । বৃহৎ সংখ্যক নিযুক্তিৰ সৃষ্টি কৰে আৰু লাখ লাখ লোকক জীৱিকা প্ৰদান কৰে ।

World Tourism Day 2024: বিশ্ব পৰ্যটন দিৱসৰ ইতিহাস, গুৰুত্ব আৰু বিষয়বস্তুৰ বিষয়ে জানি লওক
বিশ্ব পৰ্যটন দিৱসৰ ইতিহাস, গুৰুত্ব আৰু বিষয়বস্তুৰ বিষয়ে জানক
Follow Us
barasha-misra
Barasha Misra | Published: 27 Sep 2024 09:25 AM

বিভিন্ন ঠাই দৰ্শণ আৰু আমোদ-প্ৰমোদৰ বাবে পৰিভ্ৰমণ কৰা কাৰ্যই হৈছে পৰ্যটন। অসম তথা ভাৰতবৰ্ষত বৰ্তমান বিভিন্ন পৰ্যটন ক্ষেত্ৰ গঢ়ি উঠিছে। বিশ্ব পৰ্যটন দিৱস (World Tourism Day) ২৭ ছেপ্টেম্বৰ তাৰিখে বিশ্বব্যাপী পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস পালন কৰি আহিছে।

এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা। তদুপৰি পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য

পৰ্যটনে এখন দেশক ইয়াৰ অৰ্থনীতিৰ বিকাশ, নিয়োগ সৃষ্টি আৰু স্থানীয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ বিকাশ বৃদ্ধি কৰাত সহায় কৰে । পৰ্যটন হৈছে এখন দেশৰ পৰা আন এখন দেশলৈ সাংস্কৃতিক আৰু পৰম্পৰাগত জ্ঞানৰ আদান-প্ৰদানৰ অন্যতম শ্ৰেষ্ঠ উৎস ।

এইবাৰ পৰ্যটন দিৱসৰ থিম ৰখা হৈছে ‘পৰ্যটন আৰু শান্তি’। ভাৰতৰ এই ঠাইবোৰ ভ্ৰমণ কৰক কাৰণ ইয়াৰ শান্তিপূৰ্ণ পৰিবেশে মনক সজীৱ কৰি ৰাখক।

ইতিহাস

দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্য-কলাপৰ সম্প্ৰসাৰণৰ ফলশ্ৰুতিত বিশ্বব্যাপী পৰ্যটন ব্যৱসায়ৰ প্ৰসাৰ ঘটে। এই অৱস্থাত পৰ্যটনৰ লগত জড়িত সংশ্লিষ্ট বিভিন্ন প্ৰতিষ্ঠান, ব্যক্তি আৰু উপভোক্তা শ্ৰেণীৰ সমন্বয়ত আন্তজাৰ্তিক ভ্ৰমণবিষয়ক সংস্থা গঢ়ি উঠে। এই সংস্থাটোৱে বিশ্বব্যাপী পৰ্যটনৰ ব্যৱস্থাৰ উন্নয়ন আৰু প্ৰসাৰৰ মাধ্যমত বিভিন্ন দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু ৰাজহ সংগ্ৰহত বিশেষ অৱদান আগবঢ়োৱা বাবে পৰৱৰ্তী কালত ই ৰাষ্ট্ৰসংঘৰ বিশেষায়িত প্ৰতিষ্ঠানৰূপে যুক্ত হয়। সংস্থাটোৰ কাৰ্যক্ৰম আৰু অধিক ফলপ্ৰসূ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া সন্মিলনৰ সময়ত এই সংস্থাৰ সদস্যভূক্ত দেশসমূহত বিভিন্ন বিষয় লৈ বিশদ আলোচনা-পৰ্যালোচনাৰ মাধ্যমত কৰণীয় স্থিৰ কৰা হয়।

বিশ্ব পৰ্যটন সংস্থাৰ অন্তৰ্ভুক্ত বিশ্বৰ ৬টা পৰ্যটন অঞ্চল

১৯৭০ চনৰ ২৭ ছেপ্টেম্বৰ তাৰিখে সংস্থাটোৰ বাৰ্ষিক সন্মিলনত ইয়াৰ নাম, লক্ষ্য, উদ্দেশ্য পুণঃমূল্যায়ণ আৰু নিৰ্ধাৰণ কৰা হয়। তেতিয়াৰ পৰা এই সংস্থাৰ নাম “বিশ্ব পৰ্যটন সংস্থা” হিচাপে সদস্যসকলে ঐকমতেৰে প্ৰতিষ্ঠিত হয়। ইয়াৰ কাৰ্যকাল ১৯৭৪ চনৰ পৰা আৰম্ভ হয়। ১৯৮০ চনৰ বাৰ্ষিক অধিৱেশনত, এই সংস্থাৰ গঠনৰ দিন অৰ্থাৎ ২৭ ছেপ্টেম্বৰ তাৰিখে বিশ্বব্যাপী পৰ্যটন দিৱস পালনৰ বিষয়ে ঐকমত প্ৰতিষ্ঠিত হয়। পৰৱৰ্তী কালত, ১৯৯৭ চনত তুৰস্কত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনত এখন স্বাগতিক দেশ(Host Country) নিৰ্বাচনৰ মাধ্যমত বিশ্ব পৰ্যটন দিৱস পালনৰ বাবে একমতত প্ৰতিষ্ঠিত হয়।

Latest News