শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

World Tuberculosis day 2025: কেনেকৈ বিয়পে যক্ষ্মা ৰোগ? ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ আৰু প্ৰতিৰোধৰ উপায় জানক…

যথাযথ সময়ত চিকিৎসাৰ যক্ষ্মাৰ দৰে গুৰুতৰ ৰোগো সম্পূৰ্ণ নিৰাময় কৰিব পৰা যায়।সেয়ে ইয়াৰ লক্ষণসমূহ আওকাণ নকৰি লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।

World Tuberculosis day 2025: কেনেকৈ বিয়পে যক্ষ্মা ৰোগ? ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ আৰু প্ৰতিৰোধৰ উপায় জানক…
বিশ্ব যক্ষ্মা দিৱস
trishna-kalita
Trishna Kalita | Published: 24 Mar 2025 06:36 AM

টিবি (যক্ষ্মা) হৈছে মাইকোবেক্টেৰিয়াম যক্ষ্মা নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা এক সংক্ৰামক ৰোগ। ই প্ৰধানকৈ হাওঁফাওঁত প্ৰভাৱ পেলায় যদিও শৰীৰৰ আন আন অংশ যেনে হাড়, মগজু, বৃক্ক আৰু মেৰুদণ্ডলৈও বিয়পিব পাৰে। প্ৰতি বছৰে ২৪ মাৰ্চত বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে মানুহক টিবি (যক্ষ্মা) সম্পৰ্কে সজাগ কৰা আৰু এই ৰোগ নিৰ্মূলৰ দিশত প্ৰচেষ্টাক প্ৰসাৰ কৰা।

টিবি কি আৰু ই কেনেকৈ বিয়পে?

টিবি এবিধ সংক্ৰামক ৰোগ, যি বতাহৰ যোগেদি বিয়পে। আক্ৰান্ত ব্যক্তিয়ে কাহ, হাঁচি মৰা বা কথা ক’লে তেওঁৰ মুখৰ পৰা সৰু সৰু টোপালত উপস্থিত থকা বেক্টেৰিয়া বতাহত বিয়পি পৰে। যদি কোনো সুস্থ ব্যক্তিয়ে সেই বায়ুত উশাহ লয় তেন্তে তেওঁ টিবি ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকিব পাৰে।

টিবিৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

টিবিৰ লক্ষণ লাহে লাহে দেখা দিয়ে। বহু সময়ত মানুহে ইয়াক স্বাভাৱিক কাহ আৰু চৰ্দি বুলি বিবেচনা কৰি আওকাণ কৰে। কিন্তু যদি এই লক্ষণসমূহ ২ সপ্তাহতকৈ অধিক সময় দেখা দিয়ে, তেন্তে চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰাটো উচিত।

  • একেৰাহে কাহি থকা (বিশেষকৈ শ্লেষ্মা বা তেজৰ সৈতে)।
  • কোনো কাৰণ নোহোৱাকৈ ওজন কমি যোৱা।
  • নিতৌ ভাগৰুৱা অনুভৱ।
  • মৃদু জ্বৰ (বিশেষকৈ নিশা)।
  • ৰাতি ঘাম ওলোৱা।
  • ভোক কমি যোৱা।
  • বুকুৰ বিষ বা উশাহ লোৱাত কষ্ট।

শৰীৰৰ অন্য অংশলৈ টিবি বিয়পিলে বিভিন্ন লক্ষণ দেখা দিব পাৰে, যেনে হাড়ৰ বিষ, গাঁঠি ফুলা, ডিঙিত বা শৰীৰত গাঁঠি গঠন হোৱা। এনে বহুতো অস্বাভাৱিক লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। কেতিয়াবা টিবি ৰোগে হাড়তো ঠাই লয়। তাত ঘাঁ হয় আৰু তাৰ পৰা পূজ ওলাবলৈ আৰম্ভ কৰে। এই ঘাঁ বহুদিনলৈ থাকে। কিন্তু যদি সঠিক সময়ত চিকিৎসা আৰম্ভ কৰা হয় তেন্তে ইয়াৰ পৰা আৰোগ্য হোৱাৰ সম্ভাৱনা আছে।

টিবি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

  • বিচিজি ভেকচিন লওক (BCG) – শিশুক টিবি ৰোগৰ পৰা ৰক্ষা কৰিবলৈ জন্মৰ লগে লগে এই ভেকচিন দিয়া হয়।
  • আক্ৰান্ত ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক– কাৰোবাৰ টিবি ৰোগ হ’লে তেওঁৰ বেছি ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিব আৰু মাস্ক ব্যৱহাৰ কৰিব লাগে।
  • পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক– হাত ধোৱাৰ অভ্যাস কৰক আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক।
  • সুষম আহাৰ গ্ৰহণ কৰক– পুষ্টিকৰ খাদ্য খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।
  • সঠিক চিকিৎসা লওক– যদি আপুনি টিবি ৰোগত আক্ৰান্ত হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে সম্পূৰ্ণ চিকিৎসা লওক আৰু ঔষধ খোৱা আধাতে বন্ধ নকৰিব।