5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এই ৩ যোগাসনে দূৰ কৰিব হৰমনৰ ভাৰসাম্যহীনতা!

Hormone Imbalance: আমি যোগৰ জৰিয়তে হৰমনৰ ভাৰসাম্যহীনতাৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে এয়া অত্যন্ত উপকাৰী। এই ৩ যোগসনে আপোনাক হৰমনৰ ভাৰসাম্যহীনতা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।

এই ৩ যোগাসনে দূৰ কৰিব হৰমনৰ ভাৰসাম্যহীনতা!
যোগাসন
Follow Us
trishna-kalita
Trishna Kalita | Published: 15 Aug 2024 14:35 PM

Yoga for Hormone Imbalance: শৰীৰত যদি হৰমনবোৰ ভাল থাকে গোটেই শৰীৰটো সুস্থ হৈ থাকিব। যদি হৰমনৰ স্তৰ ভালে নাথাকে শৰীৰত বহুতো সমস্যাই দেখা দিয়ে। আমাৰ শৰীৰৰ বিভিন্ন কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ হৰমন হৈছে প্ৰয়োজনীয় ৰাসায়নিক পদাৰ্থ। যদি এইবোৰৰ ভাৰসাম্যহীনতা থাকে, থাইৰইডৰ দৰে শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব লাগিব।

ইয়াৰ লগতে, হৰমনৰ ভাৰসাম্যহীনতাৰ ফলত বিভিন্ন সমস্যা যেনে অনিয়মীয়া ঋতুস্ৰাৱ, পিচিঅ’ডি হ’ব পাৰে। কেৱল এয়াই নহয়, ই মানসিক সমস্যা আৰু ছালৰ সমস্যাও সৃষ্টি কৰিব পাৰে। কিন্তু যোগৰ দ্বাৰা আপুনি হৰমন সম্পৰ্কীয় সমস্যা সমধান কৰিব পাৰে। কোনটো যোগাসনে হৰমনৰ সমস্যা নিয়ন্ত্ৰণ কৰে জানো আহক।

ভুজংগাসন

ভুজংগাসন হৰমনবোৰ সন্তুলিত ৰখাত সহায় কৰে। এই আসনক কোবৰা প’জ বুলিও কোৱা হয়। ইয়ে থাইৰইড গ্ৰন্থি উত্তেজিত কৰে, যিয়ে হৰমনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এনে কৰিবলৈ আপোনাৰ পেটৰ ওপৰত ভৰ দি শোৱক। হাত দুখন কান্ধৰ তলত ৰাখক আৰু উশাহ লৈ মুৰটো ওপৰলৈ উঠাওক। এই অৱস্থাত অলপ সময় ৰৈ থাকিব আৰু ভৰি দুখন তললৈ আনিব।

ফিচ প’জ

মৎসাসনে আমাৰ হৰমনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এনে কৰিবলৈ পেটৰ ওপৰত ভৰ দি শোৱক আৰু তাৰ পাছত আপোনাৰ ভৰি বেঁকা কৰক আৰু আপোনাৰ হাতেৰে ধৰি ৰাখক। এটা দীঘল উশাহ লওক আৰু মূৰ আৰু বুকুখন ডাঙক।

শৱাসন

শৱাসনক শৱ ভংগীমা বুলিও কোৱা হয়। দৈনিক ইয়াক অনুশীলন কৰিলে হৰমন সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাব পাৰি। এই আসন কৰিবলৈ আপুনি পেটৰ ওপৰত ভৰ দি শোৱক। আপোনাৰ হাত শৰীৰৰ কাষত ৰাখি শিথিল কৰক।
আপোনাৰ চকু বন্ধ কৰক আৰু লাহে লাহে দীঘল উশাহ লওক। কেই ছেকেণ্ডৰ বাবে ৰোৱাৰ পাছত, আপুনি একেটা কাম পুনৰাবৃত্তি কৰিব। এই তিনি যোগ আসন কৰিলে হৰমনৰ ভাৰসাম্যহীনতাৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ আঁতৰ কৰাত সহায় কৰিব।

 

Latest News