শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাত্ৰ ২ দিনতে মাহেকীয়া শেষ হৈ যায় নেকি? তেন্তে ইয়াৰ আঁৰত থাকিব পাৰে ডাঙৰ কাৰণ, জানক সবিশেষ…

Period problem: মাহেকীয়া মহিলাসকলৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু বহু সময়ত বহু মহিলাৰ এই ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। কিছুমান মহিলাৰ মাহেকীয়া মাত্ৰ দুটা দিনতে শেষ হৈ যায়। ইয়াৰ আঁৰত থাকিব পাৰে বিশেষ কাৰণ।

মাত্ৰ ২ দিনতে মাহেকীয়া শেষ হৈ যায় নেকি? তেন্তে ইয়াৰ আঁৰত থাকিব পাৰে ডাঙৰ কাৰণ, জানক সবিশেষ…
মাহেকীয়া সমস্যাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 12 Feb 2025 10:22 AM

মাহেকীয়া প্ৰতিগৰাকী মহিলাৰ শৰীৰৰ এক স্বাভিৱক আৰু গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। মহিলাৰ ঋতুচক্ৰ ২১ৰ পৰা ৩৫ দিন আৰু মাহেকীয়া ৩ৰ পৰা ৭ দিনলৈকে থাকে। কিন্তু বহু সময়ত দেখা যায় যে কিছুমান মহিলাৰ মাহেকীয়াৰ সময়ৰ ঋতুস্ৰাৱ মাত্ৰ ২ দিনতে শেষ হৈ যায়। যাৰ বাবে বহু মহিলা চিন্তাত পৰে। কেতিয়াবা এনে হোৱা স্বাভাৱিক প্ৰক্ৰিয়া হ’ব পাৰে কিন্তু বহু সময়ত ইয়াৰ চিকিৎসাজনিত কাৰণ থাকিব পাৰে। এই লেখাটোত তেনে কিছুমান কাৰণৰ বিষয়ে উল্লেখ কৰা হ’ল।

মাহেকীয়াৰ সময় মহিলাৰ শৰীৰ, জীৱন শৈলী আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান মহিলাৰ মাহেকীয়া ঠিক সময়ত অৰ্থাৎ  প্ৰতিমাহে হয় যদিও কিছুমানৰ অনিয়মিতভাৱে হয়। যদি কোনো মহিলাৰ মাহেকীয়া ২ দিনত শেষ হয় আৰু যদি এয়া প্ৰায়ে হৈ থাকে তেন্তে ইয়াৰ আঁৰত থকা কাৰণ জনা অত্যন্তই আৱশ্যক।

ঋতুচক্ৰ

ছফদাৰজং হাস্পতালৰ স্ত্ৰীৰোগ বিভাগৰ ডাঃ ছালনী চাদ্ধাই কয় যে, ঋতুচক্ৰ এনে এক প্ৰক্ৰিয়া যি হৰম’নৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সাধাৰণতে এই ঋতুচক্ৰ ২৮ দিনৰ সময় যদিও ২১ৰ পৰ ৩৫ দিনৰ ভিতৰত হ’লেও ইয়াক স্বাভাৱিক বুলি গন্য কৰা হয়। এই চক্ৰৰ মূল চাৰিটা পৰ্যায় আছে। প্ৰথম পৰ্যায়টো হ’ল ঋতুস্ৰাৱৰ পৰ্যায়, এই সময়ত জৰায়ুৰ ভিতৰৰ আৱৰণ শৰীৰৰ পৰা ওলাই আহি ৰক্তক্ষৰণ হয়। সাধাৰণতে ই ৩ ৰ পৰা ৭ দিনলৈ থাকে।

দ্বিতীয়টো হ’ল ফোলিকুলাৰ পৰ্যায়, এই পৰ্যায়ত ডিম্বাশয়ত কণীৰ বিকাশ ঘটে আৰু ডিম্বাণু নিঃসৰণৰ বাবে প্ৰস্তুত হয়। তৃতীয় পৰ্যায়টো হ’ল ডিম্বাশয়ৰ পৰা ডিম্বাণু নিৰ্গত হয় আৰু যদি ই শুক্ৰাণুৰ সৈতে মিলি যায় তেন্তে গৰ্ভধাৰণ হ’ব পাৰে। শেষৰ পৰ্যায়টো হ’ল লুটিয়াল পৰ্যায়, য’ত গৰ্ভাৱস্থা নহ’লে হৰম’নৰ পৰিৱৰ্তনৰ ফলত জৰায়ুৰ আৱৰণখন ভাঙি যায়, যাৰ ফলত পৰৱৰ্তী ঋতুচক্ৰৰ আৰম্ভণি হয়।

মাহেকীয়া সোনকালে শেষ হোৱাৰ কাৰণ

  • যদি আপোনাৰ ঋতুস্ৰাৱ মাত্ৰ ২ দিনতে শেষ হৈ যায় তেন্তে ই গৰ্ভধাৰণৰ সংকেত হ’ব পাৰে। কিছুমান মাহিলাৰ গৰ্ভাৱস্থাৰ প্ৰথম সময়খিনিত সামান্য পৰিমাণে ঋতুস্ৰাৱ হয়। ইয়াক ইমপ্লাণ্টেচন ব্লিডিং বোলা হয়। যদি আপোনাৰ এনে সংকেতে দেখা দিছে তেন্তে পৰীক্ষা কৰিব পাৰে।
  • যিসকল মহিলাই স্তনপান কৰাই তেওঁলোকৰ শৰীৰত অধিক পৰিমাণৰ প্ৰ’লেক্টিন হৰম’ন উৎপন্ন হয়। যাৰ প্ৰভাৱ তেওঁলোকৰ মাহেকীয়াৰ ওপৰত পৰে।
  • গৰ্ভনিৰোধক বড়ি গ্ৰহণ কৰা মহিলাসকলৰ মাহেকীয়াত প্ৰভাৱ পৰিব পাৰে। ইয়াৰোপৰি কিছুমান ঔষধে হৰম’নৰ ভাৰসাম্যহীনতাও সৃষ্টি কৰিব পাৰে। যাৰ প্ৰভাৱ মাহেকীয়াত পৰে।
  • কিছুমান চিকিৎসাজনিত কাৰণ যেনে পলিচিষ্টিক অভাৰী চিনড্ৰম (PCOS), থাইৰয়ডৰ সমস্যা, ৰক্তহীনতা, ডায়েবেটিছ আৰু এণ্ডোমেট্ৰিয়েল এট্ৰফি আদিৰ ফলতো পিৰিয়ডৰ সময় কম হ’ব পাৰে। যদি এনে হৈ আছে তেন্তে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
  • অস্বাস্থ্যকৰ খাদ্যাভ্যাস, জীৱনশৈলী আৰু মেদবহুলতাই হৰম’নৰ পৰিৱৰ্তন ঘটাব পাৰে। এনেবোৰ কাৰণত আপোনাৰ মাহেকীয়াত সমস্যা আহিব পাৰে।

কেনেকৈ নিজকে ৰক্ষা কৰিব

  • স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক।
  • ব্যায়াম বা যোগাসন আদি কৰক।
  • সমস্যা দীৰ্ঘদিনৰ হলে চিকিৎসা পৰীক্ষা কৰাওক।