উল্লেখ্য যে, ২০১৪ চনৰ ১৫ আগষ্টত মোদীয়ে লালকিল্লাৰ পৰা এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল। দেশৰ সকলো নাগৰিকক তেওঁ স্বচ্ছতাক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বন জনাইছিল। তাৰ পাছতে ২ অক্টোবৰত এই অভিযানৰ আৰম্ভ কৰা হৈছিল। তেতিয়াৰ এই অভিযানৰ অধীনত চৰকাৰে বিভিন্ন কাৰ্য পন্থা গ্ৰহণ কৰি আহিছে।