22 Jun 2024 19:20 PM
প্ৰাকৃতিক দুৰ্যোগৰ বাবে বহু লোকে বাৰিষাত পাহাৰ ভ্ৰমণৰ পৰা আঁতৰি থাকে। ইফালে বৰষুণেৰে তিতি থকা পাহাৰবোৰ চাবলৈ বাৰিষাৰ সময়ত লৰালৰিকৈ দাৰ্জিলিঙলৈ যোৱা লোকো আছে।
বছৰৰ আন সময়তকৈ বাৰিষাৰ সময়ত পাহাৰবোৰত পৰ্যটকৰ ভিৰ কম। বাৰিষা সময়ছোৱাত পাহাৰৰ একা-বেঁকা পথেৰে যাত্ৰা কৰাটো দুঃসাহসৰ ভিতৰতে পৰে ।
কাঞ্চনজংঘা দেখা নাপালেও বাৰিষাত বহু লোকে দাৰ্জিলিং ভ্ৰমণ কৰে। বাৰিষাত দাৰ্জিলিং ভ্ৰমণৰ কোনো ভয় নাই। কিন্তু দুৰ্যোগৰ সম্ভাৱনা থকা ঠাই সমূহলৈ নোযোৱাকৈ থকাটোৱে প্ৰথম সতৰ্কতা হিচাপে গ্ৰহণ কৰিব লাগে পৰ্যটক সকলে ।
কেৱল দাৰ্জিলিং নহয়। ইয়াৰ বাহিৰেও উত্তৰ বংগৰ পাহাৰত ৪ টা এনে পৰ্যটন কেন্দ্ৰ আছে, যিবোৰত বাৰিষাৰ সময়ত সহজে যাব পাৰি। ইয়াৰ খৰচো কম ।
মিৰিক হ্ৰদৰ পৰা মাত্ৰ ৬ কিলোমিটাৰ দূৰত্বত টাবাকোছি অৱস্থিত। টাবাকোছিৰ পৰা গোপালধৰা চাহ বাগিচা, সীমান্ত দৰ্শন পইণ্ট, পশুপতি বজাৰ, মিৰিক হ্ৰদ আৰু মঠ, লেপচাজাগতকে ধৰি বিভিন্ন ঠাই ভ্ৰমণ কৰিব পাৰি।
টাকডা আৰু টুকডা দাৰ্জিলিং জিলাৰ পাহাৰীয়া গাঁও। বাৰিষাত পাহাৰলৈ যোৱাৰ পৰিকল্পনা কৰিলে টকডালৈ যাব পাৰি। বৃটিছে বনোৱা এই টাকডা পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। কুঁৱলী, চাহ বাগিচা আগুৰি থকা টাকডাত পৰ্যটক সকলে প্ৰায়ে ভিৰ কৰা পৰিলক্ষিত হয় ।
ঘুম ষ্টেচনৰ পৰা মাত্ৰ ২০ মিনিটৰ যাত্ৰাত দোৱাইপানীলৈ যাব পৰিব । দোৱাইপানীদাৰ্জিলিংতকৈ অলপ উচ্চতা বেছি । এই সেউজীয়া গাঁওখনত বহি পাহাৰত বাৰিষা উপভোগ কৰিব পাৰি। দোৱাইপানীৰ পৰা দাৰ্জিলিং চহৰখনো অতি সহজে দেখা যায়।
প্ৰায় ৮৫৩০ ফুট উচ্চতাত অৱস্থিত ধোত্ৰে। বাৰিষাত এই পাহাৰলৈ যোৱাটো যথেষ্ট নিৰাপদ বুলি ক'ব পাৰি। চিংগলিলা ৰাষ্ট্ৰীয় উদ্যানৰ কোলাত বহি আপুনি বৰষুণ উপভোগ পাৰে। এই স্থানত আপুনি এটা শান্ত পৰিবেশ লাভ কৰিব ।