২০২৪ চনত ফ্লপ হোৱা ৫ খন ছবি, যাৰ ব্যয় ১০০ কোটি, আয় ১০ কোটিৰ তলত! | 5 flop in bollywood in the year of 2024 akshay kumar, tigr shroff, alia bhat see list Assam news - Assam Tv9

২০২৪ চনত ফ্লপ হোৱা ৫ খন ছবি, যাৰ ব্যয় ১০০ কোটি, আয় ১০ কোটিৰ তলত!

Updated On: 

19 Dec 2024 17:13 PM

Flop movies 2024: নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। চলিত বৰ্ষটোত বলিউডত কেইবাখনো ছবিয়ে মুক্তি লাভ কৰিলে। ইয়াৰে কেইখনমান ফ্লপ হোৱাৰ বিপৰীতে কেইবাখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। ফ্লপ হোৱা ছবিৰ তালিকাত অক্ষয় কুমাৰ, আলিয়া ভট, অজয় দেৱগন আদিৰ ছবিও আছে।

1 / 5বড়ে মিয়া ছোটে মিয়াঃ অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ অভিনীত এই ছবিখনে ২০২৪ চনত বেয়াকৈ ফ্লপ খায়। প্ৰায় ৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ছবিখনে বিশ্বব্যাপী আয় কৰে প্ৰায় ১০২ কোটি। ছবিখনৰ নিৰ্দেশনা কৰিছিল আলী আব্বাছ জফৰে।  ছবিখনত পৃথ্বীৰাজ সুকুমাৰণ, মানুষী ছিল্লৰ, সোণাক্ষী সিনহা আদিয়েও অভিনয় কৰিছিল।

বড়ে মিয়া ছোটে মিয়াঃ অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ অভিনীত এই ছবিখনে ২০২৪ চনত বেয়াকৈ ফ্লপ খায়। প্ৰায় ৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ছবিখনে বিশ্বব্যাপী আয় কৰে প্ৰায় ১০২ কোটি। ছবিখনৰ নিৰ্দেশনা কৰিছিল আলী আব্বাছ জফৰে। ছবিখনত পৃথ্বীৰাজ সুকুমাৰণ, মানুষী ছিল্লৰ, সোণাক্ষী সিনহা আদিয়েও অভিনয় কৰিছিল।

2 / 5

বিকী বিদ্যা কা ৱো ৱালা ভিডিঅ': ৰাজকুমাৰ ৰাও আৰু ত্ৰিপ্তী দিমেৰীৰ অভিনীত এই ছবিখন প্ৰায় ৩০ কোটি টকা ব্যয়ত নিৰ্মাণ হৈছিল। ছবিখনে বক্স অফিচত আয় কৰে প্ৰায় ৪১ কোটি। এই ছবিখনো ২০২৪ বৰ্ষত বেয়াকৈ ফ্লপ হয়। এই ছবিখনত এটা গোপন ভিডিঅ'ৰ বিষয়ে দেখুওৱা হৈছে। কেনেকৈ স্বামী-স্ত্ৰীৰ এটা গোপন ভিডিঅ' হেৰুৱাই আৰু কেনেকৈ লাভ কৰে তাৰ ওপৰত ই নিৰ্মিত।

3 / 5

অৰো মে কাহা দম থাঃ অজয় দেৱগন আৰু তাবুৰ দ্বাৰা অভিনীত এই ছবিখনৰ ব্যয় আছিল প্ৰায় ১০০ কোটি টকা। ছবিখনে বিশ্বব্যাপী মাত্ৰ ১৫ কোটি মান টকা আয় কৰিবলৈ সক্ষম হয়। এক কথাত ছবিখনে দেশত ১০ কোটি অৰ্জন কৰিবও নোৱাৰিলে। ছবিখন প্ৰেম কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। দৰ্শকে তাবু আৰু অজয়ৰ যুটিক আদৰি ল'ব বুলি আশা কৰা হৈছিল যদিও ছবিখনে ফ্লপ খায়। ছবিখনৰ নিৰ্দেশনা কৰিছে নীৰজ পাণ্ডে।

4 / 5

চন্দু চেম্পিয়নঃ কাৰ্তিক আৰিয়নৰ অভিনীত চন্দু চেম্পিয়ন ছবিখনে বিশ্বব্যাপী প্ৰায় ৮৮.১৪ কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হয়। ছবিখনৰ নিৰ্দেশনা কৰিছে কবিৰ খানে। ছবিখনত কাৰ্তিক আৰিয়নে ভাৰতৰ প্ৰথম পেৰা অলিম্পিক স্বৰ্ণ পদক বিজেতা মুৰলীকান্ত পেটকৰৰ ভূমিকা পালন কৰিছে। সঁচা কাহিনীৰ ওপৰত নিৰ্মাণ হোৱা এই ছবিখনো ২০২৪ বৰ্ষত ফ্লপ হৈছে।

5 / 5

জিগৰাঃ আলিয়া ভটৰ অভিনীত জিগৰা ছবিখনৰ পৰা মানুহে বহু আশা কৰিছিল। প্ৰায় ৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ছবিখনে বিশ্বব্যাপী মাত্ৰ ৩১.৩৯ কোটি আয় কৰিবলৈ সক্ষম হয়।ছবিখনৰ নিৰ্দেশনা কৰিছে বাছন বালাই। ইয়াত এগৰাকী মহিলাৰ জীৱনৰ সংঘৰ্ষৰ বিষয়ে দেখুওৱা হৈছে।

শীতকালত চুলি ধোৱাৰ সময়ত মনত ৰাখিব এইবোৰ কথা...
শীতকালত ছালত ঘিউ লগালে কি হয়? জানক উপকাৰিতা...
ঘৰত কিয় বগা ঘোঁৰাৰ ফটো লগাব লাগে জানেনে?
শীতকালত আপোনাৰো আঙুলি ফুলে নেকি? ইয়াৰ কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে জানক...