মেঘালয়লৈ ফুৰিব যাব বিচাৰিছে নেকি? তেন্তে যাব পাৰিব এই ঠাই সমূহলৈ… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

মেঘালয়লৈ ফুৰিব যাব বিচাৰিছে নেকি? তেন্তে যাব পাৰিব এই ঠাই সমূহলৈ…

Updated On: 

08 May 2024 18:15 PM

বহু মানুহে ভ্ৰমণ কৰি ভাল পায়। কম খৰচত, কম সময়তে মানুহে ভাল ঠাই ভ্ৰমণ কৰিব বিচাৰে। অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত আছে বহু কেইখন ঠাই যিয়ে সদায় পৰ্যটকক হাত বাউল দি মাতে।

1 / 5উমিয়াম

উমিয়াম লেকঃ গুৱাহাটীৰ পৰা মাত্ৰ ৯০ কিলোমিটাৰ দূৰত অৱস্থিত উমিয়াম লেক। কেৱল মাত্ৰ ২ ঘন্টা ৩১ মিনিটৰ ৰাস্তা অতিক্ৰম কৰিয়েই এই ধুনীয়া ঠাই চাব পাৰিব।

2 / 5

মাউৰেংলংঃ গুৱাহাটীৰ পৰা প্ৰায় ১৬৯ কিলোমিটাৰ দূৰত অৱস্থিত এই ঠাই। ই পৰ্যটকৰ বাবে বেচ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

3 / 5

ৱাৰ্ড লেকঃ গুৱাহাটীৰ পৰা প্ৰায় ১০৬ কিলোমিটাৰ দূৰত অৱস্থিত এই ৱাৰ্ড লেক। শ্বিলং পুলিচ বজাৰৰ ওচৰত অৱস্থিত এই লেকটোলৈ যোৱাৰ বাবে সময় লাগিব খুব বেছি ৩ ঘন্টা।

4 / 5

কিনৰেম ফলঃ গুৱাহাটীৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ দূৰত অৱস্থিত এই জলপ্ৰপাতটো।

5 / 5

ক্ৰানচুৰি ফলঃ গুৱাহাটীৰ পৰা প্ৰায় ১৯১ কিলোমিটাৰ দূৰত অৱস্থিত এই জলপ্ৰপাতটো। প্ৰায় ৫ ঘন্টা সময়ৰ প্ৰয়োজন হয় ইয়ালৈ যাবৰ বাবে।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...