ব্ৰজাসনঃ এই আসনক ডায়মণ্ড পজ' বুলি কোৱা হয়। ই আমাৰ হজম শক্তি ভাল কৰে। ইয়াৰ ফলত চুলিৰ কোষবোৰে পুষ্টিকৰ পদাৰ্থ লাভ কৰে। যাৰ বাবে চুলি সৰা কমে।
পৱনমুক্তাসনঃ এই আসনে হজম শক্তি বৃদ্ধি কৰে । ইয়াৰ উপৰিও ই কোষ্ঠকাঠিন্য আৰু পেটৰ আন আন সমস্যা দূৰ কৰে। পৱনমুক্তাসন কৰিলে চুলি ঘন আৰু মজবুত হয়।
শীৰ্ষাসনঃ এই আসন কৰিলে তেজৰ সঞ্চালন সঠিক হয়। নিয়মীয়াকৈ এই আসন কৰিলে মানসিক চাপৰ পৰাও ৰক্ষা পাব পাৰি আৰু ই চুলিৰ বাবেও উপকাৰী। যদি চুলি সৰা সমস্যা হৈছে তেন্তে এই আসন কৰিব পাৰে।
ত্ৰিকোনাসনঃ এই আসন চুলিৰ বাবে ভাল। চুলি যদি পকিবলৈ আৰম্ভ কৰিছে তেন্তে এই আসন ভাল। ইয়াৰ ফলত চুলিৰ জঠৰতা নোহোৱা হয় আৰু ৰক্ত সঞ্চালন উন্নত হয়।
বালাসনঃ বিশেষজ্ঞসকলৰ মতে, পেটৰ লগত জড়িত সমস্যাৰ বাবেও চুলি সৰাৰ দৰে সমস্যা হ’ব পাৰে। এনে পৰিস্থিতিত মানসিক চাপ আৰু হজম শক্তিৰ পৰা মুক্তি পাবলৈ বালাসন কৰিব পাৰে। এই যোগাসন কৰিলে কেৱল চুলি সৰা ৰোধ কৰাই নহয়, নতুন চুলি দীঘল , ঘন হোৱাত সহায় কৰে।