Yoga for Hair: চুলি ঘন, দীঘল, মজবুত কৰিবলৈ আজিৰে পৰা আৰম্ভ কৰক এই যোগাসন… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Yoga for Hair: চুলি ঘন, দীঘল, মজবুত কৰিবলৈ আজিৰে পৰা আৰম্ভ কৰক এই যোগাসন…

Published: 

23 Jun 2024 11:14 AM

পুৰুষৰ পৰা মহিলালৈ সকলোৰে মাজত চুলি সৰাতো ডাঙৰ সমস্যা। বিশেষজ্ঞসকলৰ মতে চুলি সৰাৰ বিভিন্ন কাৰণ হোৱাৰ লগতে মানসিক চাপো ইয়াৰ অন্যতম কাৰণ হয়। কিন্তু কিছুমান যোগাসন কৰিলে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি কোৱা হয়।

1 / 5ব্ৰজাসনঃ

ব্ৰজাসনঃ এই আসনক ডায়মণ্ড পজ' বুলি কোৱা হয়। ই আমাৰ হজম শক্তি ভাল কৰে। ইয়াৰ ফলত চুলিৰ কোষবোৰে পুষ্টিকৰ পদাৰ্থ লাভ কৰে। যাৰ বাবে চুলি সৰা কমে।

2 / 5

পৱনমুক্তাসনঃ এই আসনে হজম শক্তি বৃদ্ধি কৰে । ইয়াৰ উপৰিও ই কোষ্ঠকাঠিন্য আৰু পেটৰ আন আন সমস্যা দূৰ কৰে। পৱনমুক্তাসন কৰিলে চুলি ঘন আৰু মজবুত হয়।

3 / 5

শীৰ্ষাসনঃ এই আসন কৰিলে তেজৰ সঞ্চালন সঠিক হয়। নিয়মীয়াকৈ এই আসন কৰিলে মানসিক চাপৰ পৰাও ৰক্ষা পাব পাৰি আৰু ই চুলিৰ বাবেও উপকাৰী। যদি চুলি সৰা সমস্যা হৈছে তেন্তে এই আসন কৰিব পাৰে।

4 / 5

ত্ৰিকোনাসনঃ এই আসন চুলিৰ বাবে ভাল। চুলি যদি পকিবলৈ আৰম্ভ কৰিছে তেন্তে এই আসন ভাল। ইয়াৰ ফলত চুলিৰ জঠৰতা নোহোৱা হয় আৰু ৰক্ত সঞ্চালন উন্নত হয়।

5 / 5

বালাসনঃ বিশেষজ্ঞসকলৰ মতে, পেটৰ লগত জড়িত সমস্যাৰ বাবেও চুলি সৰাৰ দৰে সমস্যা হ’ব পাৰে। এনে পৰিস্থিতিত মানসিক চাপ আৰু হজম শক্তিৰ পৰা মুক্তি পাবলৈ বালাসন কৰিব পাৰে। এই যোগাসন কৰিলে কেৱল চুলি সৰা ৰোধ কৰাই নহয়, নতুন চুলি দীঘল , ঘন হোৱাত সহায় কৰে।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...