ডিঙি, কান্ধ আৰু কঁকালৰ বিষ কমাবলৈ এই পাঁচটা যোগাসন অভ্যাস কৰক | 5 Yoga Poses to Relieve Neck, Back, Shoulder Pain Assam news - Assam Tv9

ডিঙি, কান্ধ আৰু কঁকালৰ বিষ কমাবলৈ এই পাঁচটা যোগাসন অভ্যাস কৰক

Published: 

12 Jan 2025 06:53 AM

সুস্বাস্থ্যৰ বাবে দৈনিক যোগাসন অভ্যাস কৰাটো অতি প্ৰয়োজন । প্ৰায় সংখ্যক লোকৰে কঁকাল, পিঠি, কান্ধ আৰু ডিঙিৰ বিষৰ সমস্যা থাকে । গতিকে এই সমস্যা দূৰ কৰিবলৈ এই পাঁচটা যোগাসন অভ্যাস কৰক ।

1 / 5ত্ৰিকোনাসনত কঁকাল, পিঠি, কান্ধ আৰু ডিঙিৰ পেশীৰ বাবে অতি উপকাৰী। গতিকে এই যোগ আসনৰ নিয়মীয়া অনুশীলনে ডিঙি, কান্ধ, পিঠি আৰু কঁকালৰ বিষৰ লগতে ভৰিৰ পেশীৰ জঠৰ হোৱা সমস্যা পৰা সকাহ পোৱাত সহায় কৰে।

ত্ৰিকোনাসনত কঁকাল, পিঠি, কান্ধ আৰু ডিঙিৰ পেশীৰ বাবে অতি উপকাৰী। গতিকে এই যোগ আসনৰ নিয়মীয়া অনুশীলনে ডিঙি, কান্ধ, পিঠি আৰু কঁকালৰ বিষৰ লগতে ভৰিৰ পেশীৰ জঠৰ হোৱা সমস্যা পৰা সকাহ পোৱাত সহায় কৰে।

2 / 5

বালাসন অতি সহজ যোগাসন । এই আসনটো যিকোনো ব্যক্তিয়ে সহজে কৰিব পাৰে। এই যোগাসন কৰিলে পিঠি, কঁকাল, কান্ধ আৰু ডিঙি যথেষ্ট শিথিল অনুভৱ হয়। এই যোগাসন কৰিলে মানসিক চাপো নাইকিয়া হয়।

3 / 5

ডিঙি, কঁকাল, পিঠি আৰু কান্ধৰ বিষ আৰু জঠৰ হোৱা সমস্যাৰ পৰা সকাহ পোৱাৰ লগতে ভংগিমা উন্নত কৰাৰ বাবে গোমুখাসন কৰাটো অতি উত্তম। এই আসনে আপোনাৰ মেৰুদণ্ড আৰু পিঠিৰ পেশীৰ সমস্যা দূৰ কৰে আৰু মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে ।

4 / 5

কঁকালৰ তলৰ অংশ, ডিঙি আৰু কান্ধৰ বিষত ভুগি থকাসকলৰ বাবে সুপ্ত মৎস্যেন্দ্ৰাসন কৰাটো অতি উপকাৰী। প্ৰসৱৰ পিছত মহিলাৰ পেশীৰ বিষ কমোৱাতো এই আসন উপকাৰী। এই আসন কৰিলে টোপনিও ভাল হয়।

5 / 5

মাৰ্জাৰী আসন কৰিলে মেৰুদণ্ড নমনীয় হয়, যাৰ ফলত কঁকালৰ বিষৰ পৰা সকাহ পোৱা যায়। ইয়াৰ উপৰিও এই যোগাসন হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি আৰু স্নায়ুতন্ত্ৰক শিথিল কৰাতো ফলপ্ৰসূ। কঁকাল, পিঠি, কান্ধ আৰু ডিঙিৰ বিষ কমোৱাৰ উপৰিও মাৰ্জাৰী আসনে মাহেকীয়াৰ সময়ত হোৱা ক্ৰেম্প কমোৱাতো উপকাৰী।

কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ