IFFI 2024: গোৱাত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, এই অনুষ্ঠানৰ শোভা বঢ়াইছে বহু নামী-দামী তাৰকাই | 55th international film festival begins in Goa Many Bollywood stars present Assam news - Assam Tv9

IFFI 2024: গোৱাত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, এই অনুষ্ঠানৰ শোভা বঢ়াইছে বহু নামী-দামী তাৰকাই

Updated On: 

21 Nov 2024 00:04 AM

৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হয় গোৱাত। এই উপলক্ষে বলীউড, টলীউড আৰু টিভিৰ বহু তাৰকাই অংশগ্ৰহণ কৰে। লগতে প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰৰ উপস্থিতিৰে অনুষ্ঠানটোৰ সৌন্দৰ্য বৃদ্ধি কৰে।

1 / 6International Film FestivaI of Goa 2024: দেশৰ অন্যতম সুন্দৰ স্থান গোৱাত সংস্কৃতি আৰু শিল্প উদযাপন কৰা হৈছে। এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ চনৰ ২০ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। ৮ দিনীয়া এই মহোৎসৱ ২০২৪ চনৰ ২৮ নৱেম্বৰত সামৰণি পৰিব।

International Film FestivaI of Goa 2024: দেশৰ অন্যতম সুন্দৰ স্থান গোৱাত সংস্কৃতি আৰু শিল্প উদযাপন কৰা হৈছে। এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ চনৰ ২০ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। ৮ দিনীয়া এই মহোৎসৱ ২০২৪ চনৰ ২৮ নৱেম্বৰত সামৰণি পৰিব।

2 / 6

এই বিশেষ অনুষ্ঠানত বলীউড আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কলা জগতৰ সৈতে জড়িত লোকসকলে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। এই অনুষ্ঠানৰ প্ৰথম দিনাই মহান পৰিচালক শেখৰ কাপুৰো অনুষ্ঠানৰ অংশ হৈ পৰে। অনুষ্ঠানৰ সময়ত তেওঁক কলাৰ বিষয়েও কথা কোৱা দেখা গৈছিল।

3 / 6

গোৱাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শেখৰ কাপুৰৰ কন্যা আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। তেওঁৰ উপৰি শ্বাহিদ কাপুৰৰ ভাতৃ তথা বলীউডৰ অভিনেতা ঈশান খট্টৰকো এক সুকীয়া ষ্টাইলত দেখা গৈছিল। য'ত আটাইকেইজনক আকৰ্ষিত লাগিছিল।

4 / 6

স্বামী বিকি জৈনৰ সৈতে এই বিশেষ অনুষ্ঠানত উপস্থিত হয় অভিনেত্ৰী অংকিতা লোখাণ্ডে। বিকিয়ে অভিনয়ত আত্মপ্ৰকাশ কৰিছে ফৌজি ২ ছবিৰ জৰিয়তে। এই সময়ত অংকিতাই কয় যে, এইটো এটা অতি গৌৰৱৰ মুহূৰ্ত। বিকিৰ অভিনয় দেখি তেওঁলোক অতিশয় উৎসাহিত হৈ পৰিছে।

5 / 6

আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল গীতিকাৰ তথা চিবিএফচিৰ অধ্যক্ষ প্ৰসুন যোশীয়ে। ইয়াৰ সময়ত তেওঁ এইবাৰৰ থিম: ইয়ং ফিল্মমেকাৰছ, দ্য ফিউচাৰ ইজ নাওৰ বিষয়ে কয়। তেওঁ কয়- আমি ইতিমধ্যে এই ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আজিৰ যুৱক-যুৱতীসকলে নিজৰ কাহিনী সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট আত্মবিশ্বাস লাভ কৰিছে।

6 / 6

বলীউডৰ বহু বহু ছবিৰ অংশ হিচাপে থকা অভিনেত্ৰী সান্যা মালহোত্ৰাইও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত অংশ লৈছিল। সান্যা আহিছিল তেওঁৰ ছবি 'মিচেছ'ৰ প্ৰমোচন কৰিবলৈ। অভিনেত্ৰীগৰাকীৰ কথা ক’বলৈ গ’লে তেওঁৰ ছবি 'মিচেছ'ৰ গ্ৰেণ্ড প্ৰিমিয়াৰ আছে চলচ্চিত্ৰ মহোৎসৱত।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...