09 Oct 2024 10:07 AM
৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদানৰ মঞ্চত উজ্ৱলি উঠিল কেইবাগৰাকী অসম সন্তান। বিভিন্ন শিতানত অসমৰ অসমৰ কেইবাখনো ছবিয়ে লাভ কৰে বিশেষ সুনাম। অসমীয়া ছবিৰ পৰা আৰম্ভ কৰি অসমীয়া চুটি ছবিয়ে লাভ কৰিছে সন্মান।
কুলনন্দিনী মহন্তৰ 'এমুঠি পুঠি'লৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে। ড° ববী শৰ্মা বৰুৱাৰ 'ছিকাইছাল'লৈ শ্ৰেষ্ঠ তিৱা চলচ্চিত্ৰৰ ৰজত কমল আগবঢ়োৱা হৈছে ৷ কালি অনুষ্ঠিত হৈ যোৱা বঁটা প্ৰদান অনুষ্ঠানত আটাইকেইগৰাকীয়ে গ্ৰহণ কৰে বঁটা।
চুটি ছবিৰ শিতানত শ্ৰীনৱপম ডেকাৰ 'শূন্যতা'ই শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছে৷ শ্ৰীপাৰ্থসাৰথি মহন্তৰ Hargila - The Greater Adjutant Stork জুৰীৰ বিশেষ সন্মান লাভ কৰে। পাৰ্থসাৰথি মহন্তৰ নিৰ্দেশনাত পি আই এণ্টাৰটেইনমেণ্টৰ বেনাৰত এই ছবিখন নিৰ্মাণ হৈছিল ৷ পাৰ্থ সাৰথি মহন্তই ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা বঁটা গ্ৰহণ কৰাৰ মুহুৰ্ত।
আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে “বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী”-। এই বিশেষ বঁটা ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা গ্ৰহণ কৰে আইমী বৰুৱাই।
অসমৰ সাংস্কৃতিক জগত, বিশেষকৈ চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে ই অতি আনন্দৰ বিষয়। উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূৰ্বে ঘোষণা হৈছিল ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-২০২২। য'ত আইমী বৰুৱা পাৰ্থ সাৰথি মহন্তকে ধৰি কেইবাজনে কঢ়়িয়াই আনিলে সুনাম।