৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা:আইমী বৰুৱা, পাৰ্থ সাৰথি মহন্তৰ ছবিলৈ বিচাৰকৰ বিশেষ সন্মান | ational film awards judges special award for aimee barua and partha sarathi mahanta Assam news - Assam Tv9

৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা: আইমী বৰুৱা, পাৰ্থ সাৰথি মহন্তৰ ছবিলৈ বিচাৰকৰ বিশেষ বঁটা

Updated On: 

16 Aug 2024 20:27 PM

National Film Awards ঘোষণা কৰা হৈছে ৭০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । শুকুৰবাৰে নতুন দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান।যিবোৰ চলচ্চিত্ৰ, তাৰকা আৰু পৰিচালকৰ নাম ঘোষণা কৰা হৈছে তেওঁলোকক দেশৰ ৰাষ্ট্ৰপতিয়ে বঁটা প্ৰদান কৰিব। হিন্দী ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ বঁটা লাভ কৰে গুলমোহৰে। ২০২২ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰীয়ে বঁটা বিজয়ীসকলৰ নামৰ তালিকা ঘোষণা কৰে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত পূৰ্বৰ দৰে এইবাৰো অসমীয়া ছবিয়ে গৌৰৱ বুটলিবলৈ সক্ষম হৈছে৷

1 / 5দুখনকৈ

দুখনকৈ অসমীয়া ছবিয়ে এইবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিশেষ উল্লেখ বঁটা লাভ (National Film Awards Special Awards) কৰিবলৈ সক্ষম হৈছে৷ আইমী বৰুৱা পৰিচালিত BIRUBALA ‘WITCH TO PADMASHRI’ ছবিলৈ বিচাৰকৰ বিশেষ উল্লেখ সন্মান। আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছিল ছবিখন।

2 / 5

একেদৰে পাৰ্থসাৰথি মহন্ত পৰিচালিত ‘HARGILA- THE GREATER ADJUTANT STORKলৈও বিচাৰকৰ বিশেষ উল্লেখ সন্মান লাভ কৰে। পি আই ইণ্টাৰটেইডমেণ্টৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছিল ছবিখন।

3 / 5

ইয়াৰ উপৰিও কুলনন্দিনী মহন্তৰ ‘এমুঠি পুঠি’লৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা। আঞ্চলিক ভাষা শিতানত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিছে ‘এমুঠি পুথি’ ছবিখনে।

4 / 5

একেদৰে নৱপন ডেকাৰ ‘শূন্যতা’ই লাভ কৰিছে ৰজত কমল বঁটা। শ্ৰেষ্ঠ চুটি ছবিৰ শিতানত ছবিখনে লাভ কৰিছে এই বঁটা।

5 / 5

'চিকাইশাল'লৈ তিৱা ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান। ছবিখনৰ পৰিচালনা ড০ ববী শৰ্মা বৰুৱাৰ।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস