Emmy Awards 2024: এমি এৱাৰ্ডৰ ৰেড কাৰ্পেটত তাৰকাসকল জিলিকি উঠিছে, চেলিনাৰ পৰা আৰম্ভ কৰি জেনিফাৰে কৰে দৃষ্টি আকৰ্ষণ | 76th emmy awards 2024 red carpet photos selena gomez jennifer aniston know more Assam news - Assam Tv9

Emmy Awards 2024: এমি এৱাৰ্ডৰ ৰেড কাৰ্পেটত তাৰকাসকল জিলিকি উঠিছে, চেলিনাৰ পৰা আৰম্ভ কৰি জেনিফাৰে কৰে দৃষ্টি আকৰ্ষণ

Published: 

16 Sep 2024 23:12 PM

১৫ ছেপ্টেম্বৰত আয়োজন কৰা হৈছিল ৭৬ সংখ্যক প্ৰাইমটাইম এমি এৱাৰ্ড। ইয়াৰ ৰেড কাৰ্পেট লুকত চেলিব্ৰিটিসকলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ৰেড কাৰ্পেটত দেখা গৈছে চেলিনা গোমেজ, জেনিফাৰ আৰু বহু লোক। ইফালে ‘Banana look’ৰ এজন ব্যক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

1 / 6বঁটা

বঁটা প্ৰদান অনুষ্ঠানত ৰালফ লৰেনৰ অতি মৰমলগা ক’লা গাউন পিন্ধি চেলিনা গোমেজক দেখা গৈছিল।

2 / 6

এই বিশেষ অনুষ্ঠানৰ বাবে জেনিফাৰ এনিষ্টনে কাষ্টম বগা অস্কাৰ ডি লা ৰেন্টা ড্ৰেছ বাছি লৈছিল। তেওঁৰ ষ্টাইলিঙত বিখ্যাত গহনা কোম্পানী টিফানী এণ্ড কোম্পানীৰ কাষ্টম আৰু ভিনটেজ পিচ অন্তৰ্ভুক্ত কৰিছিল।

3 / 6

এমি বঁটা প্ৰদান অনুষ্ঠানত ৰূপালী ৰঙৰ অফ শ্বোল্ডাৰ ড্ৰেছত দেখা গৈছিল নিকোলা কফলানক। এই ড্ৰেছটো দেখাত যথেষ্ট আকৰ্ষণীয় আছিল।

4 / 6

বহু অভিনেত্ৰীক গাউন পিন্ধি দেখা পোৱাৰ বিপৰীতে মেৰিল ষ্ট্ৰিপে পাতল গোলাপী ৰঙৰ টাক্সিডোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ লগত হেণ্ড বেগ এটা লৈ আহিছিল।

5 / 6

এলিজাবেথ ডেবিকীয়ে এমি বঁটাত 'দ্য ক্রাউন'ৰ বাবে সহযোগী অভিনেত্ৰী ইন ড্ৰামা ছিৰিজৰ বঁটা লাভ কৰে, ৰেড কাৰ্পেটত ক’লা পোছাক পিন্ধি প্ৰদৰ্শন কৰা দেখা গৈছিল।

6 / 6

ৰেড কাৰ্পেটত দেখা গ’ল অজা নাওমি কিঙক ব্লাছ পিংক ৰঙৰ ড্ৰেছত। লিমিটেড বা এণ্টলজী ছিৰিজৰ সহযোগী অভিনেত্ৰীৰ বাবে মনোনীত হৈছিল।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version