পাঠশালাত আৰম্ভ হ'ল অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিবেশন। নামঘৰৰ দ্বাৰ মুকলিৰে আৰম্ভ অধিবেশন। আজি অধিবেশনৰ মূল তোৰণ উদ্ধোধন কৰে প্ৰয়োজক কৃষ্ণ ৰয়ে।
এশিঙীয়া গঁড়ৰ আকৃতিৰ বিশাল প্ৰৱেশদ্বাৰখন পাৰ হ'লেই মন ভৰি পৰিব আপোনাৰ। ভট্টদেৱ ক্ষেত্ৰৰ মূল তোৰণৰ বাওঁফালে স্থাপন কৰা হৈছে এটা গ্ৰাম্য পটভূমিৰ নামঘৰ।
নামঘৰৰ পিছতেই এই অধিৱেসনত আছে গ্ৰন্থমেলা। গ্ৰন্থমেলাৰ বাকৰিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ কেবাটাও আগশাৰীৰ গ্ৰন্থ প্ৰতিষ্ঠানে অংশ লৈছে।
বাঁহেৰে নিৰ্মাণ কৰা হৈছে সাহিত্য সভাৰ প্ৰদৰ্শনীৰ প্ৰবেশদ্বাৰ। ভিতৰত আছে ৮৭ ফুঁট উচ্চতাৰ জাঁপি। India Book of Records ৰ লগতে Asia Book Records ত নাম অন্তৰ্ভুক্ত হৈছে অধিবেশনৰ প্ৰদৰ্শনীত সাজি উলিওৱা বৃহৎ জাপিটোৰ।
পাঠশালাৰ ভট্ৰদেৱ ক্ষেত্ৰত নলবাৰীৰ জাপি শিল্পীয়ে প্ৰায় ১ মাহৰো অধিক সময় অতিবাহিত কৰি সাজি উলিয়াইছে জাপিটো। ২০০ ৰো অধিক বাঁহ ২০০০ অধিক টকৌপাত আৰু ভিন্ন সামগ্ৰীৰে সাজিছে প্ৰদৰ্শনীৰ ভিতৰত থকা জাপিটো।
বাণিজ্য মেলাৰ পৰিৱৰ্তে সাহিত্য সভাত সাজু হৈছে বিজ্ঞান মেলাৰ। বিভিন্ন স্থানৰ লোক আহি উপস্থিত হৈছে বিজ্ঞান মেলাৰ বাকৰিত। আজি বিজ্ঞান মেলা মুকলি কৰে মন্ত্ৰী কেশৱ মহন্তই।
পাঠশালা অধিৱেশনৰ বিশেষ আকৰ্ষণৰ থলী হৈ পৰিব অস্থায়ী জনগোষ্ঠীয় গাওঁখন। য'ত প্ৰতিফলন ঘটিব জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ। খাদ্যৰ বাবে সাজু কৰা হৈছে ৰান্ধনীশাল আৰু তিনিখন পেণ্ডেলেৰে বৃহৎ ডাইনিং হল আৰু স্থাপন কৰা হৈছে শতাধিক চৌকা।
অধিবেশনৰ প্ৰথম দিনটোতে উখল মাখল পৰিবেশ ভট্ৰদেৱ ক্ষেত্ৰত। এই স্থানত সাজু হৈছে একেলগে ৫০০০ লোক বহিব পৰা বিশাল ৰভাতলী। ইফালে প্ৰদৰ্শনীত আনা হৈছে এখন পুৰণি ভিন্টেজ কাৰ।