5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আধাৰ কাৰ্ডক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! এইসকল আবেদনকাৰীৰ হ’ব অসুবিধা…

Aadhaar card SOP: ৰাজ্যৰ আধাৰ কাৰ্ড প্ৰণালীক লৈ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিত কেবিনেটত আধাৰ কাৰ্ড এছ অ' পিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। যাৰ বাবে বহু পৰ্যায়ৰ অন্তত আবেদনকাৰীয়ে আধাৰ কাৰ্ড লাভ কৰিব পাৰিব।

barasha-sarma
Barasha Sarma | Published: 12 Dec 2024 07:59 AM
১১ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা কেবিনেটত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যিক কেবিনেটে ৰাজ্যত আধাৰ কাৰ্ডৰ বাবে এছ অ' পি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনায়। ইয়াৰ অধীনত আধাৰ কাৰ্ডৰ আবেদনকাৰীসকলৰ বিভিন্ন দিশ ভালদৰে পৰীক্ষা কৰা হ'ব।

1 / 5
নতুন নিয়ম অনুসৰি, এছ অ'পি ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ সমন্বয়কাৰী বিভাগ (Nodal Department) হ'ব। ইয়াৰ লগতে ৰাজ্য চৰকাৰে দাখিল কৰা নথি-পত্ৰসমূহ পৰীক্ষা কৰিব আৰু প্ৰাপ্তিৰ ৪৫ দিনৰ ভিতৰত সেইসমূহ ইউ আই ডি এ আইলৈ অনলাইন যোগে প্ৰেৰণ কৰিব।

2 / 5
ইয়াৰ পাছত অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পর্যায়ত আধাৰ নামভৰ্তি প্ৰামাণীকৰণ তদাৰক কৰিব, আনহাতে চক্র বিষয়াসকলে ৰাজহ চক্ৰ পৰ্যায়ত প্রামাণীকৰণৰ বাবে দায়বদ্ধ হ'ব।  লগতে চক্ৰ বিষয়াৰ দ্বাৰা নিযুক্ত পৰিদৰ্শন বিষয়াসকলে আবেদনকাৰীসকলে অসম ৰাজ্যত এন আৰ চিৰ বাবে আবেদন কৰিছে নে নাই, তাক নিশ্চিত কৰিব।

3 / 5
পৰৱৰ্তী সময়ত পৰিদৰ্শন বিষয়াসকলে দাখিল কৰা ঠিকনাত আবেদনকাৰী বাস কৰে নে নাই পৰীক্ষা কৰিব লাগিব। গতিকে এনে বহু পৰ্যায় অতিক্ৰম কৰাৰ পাছতহে আধাৰৰ কাম সম্পূৰ্ণ হ'ব। অৱশ্যে ৰাজ্যখনত সেৱা আগবঢ়োৱা চৰকাৰী বিষয়াসকলৰ বাবে এন আৰ চি আবেদনৰ প্ৰয়োজন নহয়।

4 / 5
উল্লেখ কৰা প্ৰয়োজন যে, আধাৰ কাৰ্ড আৰু এন আৰ চিক সংযোগ কৰিবলৈ চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা এন আৰ চি নথকা লোকসকলে লাভ নকৰে আধাৰ কাৰ্ড। মন কৰিবলগীয়া যে, অসমত যোৱা কেইটামান দিনত বহু বাংলাদেশী নাগৰিক আটক হৈছে। তাৰ মাজতে শৰ্মাই উল্লেখ কৰিছিল যে অসমত আধাৰ কাৰ্ড প্ৰণালী কঠোৰ কৰা হ'ব।

5 / 5
Latest Stories