দেউতাই কৈছিল তুমি পাৰিবা, সেইবাবে মই কৰিলো: বৰষা ৰাণী বিষয়াৰ নতুন যাত্ৰা... | Actress barsha rani bishaya on social media about new assamese film jak2 Assam news - Assam Tv9

দেউতাই কৈছিল তুমি পাৰিবা, সেইবাবে মই কৰিলো: বৰষা ৰাণী বিষয়াৰ নতুন যাত্ৰা…

Updated On: 

13 Sep 2024 19:21 PM

এক নতুন যাত্ৰাৰ অংশীদাৰী হ'বলৈ গৈ আছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া। যাৰ বাবে সকলোলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিলে অভিনেত্ৰীগৰাকীয়ে। অসমৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত এগৰাকী হ'ল বৰষা ৰাণী বিষয়া। বহু অসমীয়া ছবিত নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে।

1 / 6এক

এক দীঘলীয়া বিৰতিৰ পাছত বৰষা ৰাণীয়ে আৰম্ভ কৰিব বিচাৰিছে নতুন অধ্যায়। যাৰ বাবে সকলোলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিলে অভিনেত্ৰীগৰাকীয়ে। ছ'চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে নতুন যাত্ৰাৰ কথা উল্লেখ কৰিছে।

2 / 6

এই যাত্ৰা আটাইতকৈ স্মৰণীয় হ’ব বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে। এয়া এক নতুন অধ্যায়, নতুন প্ৰত্যাহ্বান হ'ব বুলিও কয় বৰষা ৰাণী বিষয়াই

3 / 6

পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে, "মই ভাবিছিলো কেনেকৈ, কিন্তু মোৰ দেউতাই কৈছিল, তুমি পাৰিবা আৰু তুমি কৰিবা, সেইবাবে মই কৰিলো!" লগতে পিতৃক ছুপাৰ হিৰ’ বুলি উল্লেখ কৰে বৰষা ৰাণী বিষয়াই।

4 / 6

তেওঁ আকৌ লিখিছে, "শৈশৱৰে পৰা তুমি মোৰ আৰু ভাতৃসকলৰ মাজত কোনো পাৰ্থক্য অনা নাছিলা, বৰঞ্চ মোক বিশ্বাস কৰাইছিলা যে মই আটাইতকৈ শক্তিশালী।"

5 / 6

উল্লেখ্য যে, নিজৰ লগতে বিষয়া পৰিয়ালৰ এক দীৰ্ঘদিনীয়া সপোন হ’ল এখন নতুন ছবি। ছবিখনৰ নাম ‘যৌৱনে আমনি কৰে ২’। ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ কাম।

6 / 6

JAK2ৰ কথা উল্লেখ কৰি পোষ্টটোৰ কিছুমান ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। আৰু লিখিছে "মোৰ শ্ৰদ্ধাৰ দৰ্শক, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় কাম্য।"

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version