শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ টাই আহোম যুৱ পৰিষদৰ মূলাগাভৰু বঁটা, স্মৃতি দিৱসত প্ৰদান কৰা হ’ব এই বঁটা

অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ টাই আহোম যুৱ পৰিষদৰ বঁটা। ২০২৫ বৰ্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান কৰিব অভিনেত্রী তথা থিয়েটাৰ পৰিচালকগৰাকীক। তেওঁৰ মঞ্চ কঁপোৱা অভিনয় সকলোকে আকৰ্ষিত কৰে।

barasha-misra
Barasha Misra | Published: 28 Feb 2025 16:47 PM
টাই আহোম যুৱ পৰিষদে মূলাগাভৰু বঁটা ঘোষণা কৰিছে। জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ আগবঢ়োৱা হ'ব এই বিশেষ বঁটা।

1 / 5
২৭, ২৮ আৰু ২৯ মাৰ্চত সোণাৰিত তিনিদিনীয়াকৈ টাই আহোম যুৱ পৰিষদৰ  স্মৃতি দিৱসত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজনীতিৰ লগত জড়িত বহু লোক।

2 / 5
টাইপাৰ স্মৃতি দিৱসত মূলাগাভৰু বঁটা হিচাপে এখন হেংদাং ,মানপত্ৰৰ লগতে নগদ ধন আগবঢ়োৱা হ'ব প্ৰস্তুতি পৰাশৰক।  অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চৰ বলিষ্ঠ অভিনয়ৰ বাবে অভিনেত্ৰীগৰাকীলৈ আগবঢ়োৱা হৈছে এই বঁটা।

3 / 5
আৱাহন থিয়েটাৰৰ মঞ্চতো প্ৰস্তুতিয়ে 'মূলাগাভৰু' নাটকেৰে জয় কৰিছিল দৰ্শকৰ হৃদয়। কেৱল নাটকেই নহয় অসমীয়া ছবিতো আছে প্ৰস্তুতিৰ দখল ।

4 / 5
কণিষ্ঠজনৰ পৰা জ্যেষ্ঠজনলৈ সকলোৱে প্ৰস্তুতিৰ অভিনয় চাই ভাল পায়। প্ৰস্তুতিয়ে অভিনয়ৰে যিকোনো কাহিনী এটি সজীৱ কৰি তুলিব পাৰে। প্ৰায় পাঁচ বছৰ বয়সতে বৰ্ণালী নামৰ দূৰদৰ্শনৰ ধাৰাবাহিক এখনত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল। প্ৰস্তুতিয়ে অভিনয় কৰা প্ৰথম বোলছবি খনৰ নাম হৈছে মহাৰথী।

5 / 5