শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এডভান্টেজ আছাম ২.০ঃ প্ৰথম দিনটোত ১৬৪ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

Advantage Assam 2.0: দুদিনীয়া কাৰ্যসূচীৰে আয়োজন হোৱা এডভান্টেছ আছাম ২.০ ৰ আজি শেষ দিন। সন্মিলনৰ প্ৰথম দিনটোত দেশ-বিদেশৰ বহু বিনিয়োগকাৰীয়ে অসমত কোটি কোটি টকা বিনিয়োগ কৰে।

barasha-sarma
Barasha Sarma | Published: 26 Feb 2025 11:52 AM
২৫ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হৈছে এডভান্টেজ আছাম ২.০। এই সন্মিলনৰ শুভ উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অশ্বিনী বৈষ্ণৱ,জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেইবাগৰাকী মন্ত্ৰী, বহু কেইগৰাকী ৰাষ্ট্ৰদূত, দেশ বিদেশৰ বহু উদ্যোগপতিয়ে অংশ গ্ৰহণ কৰে।

1 / 5
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে,এডভাণ্টেজ আছাম ২.০ৰ প্ৰথম দিনা অসম চৰকাৰে ১৫টা খণ্ডৰ কোম্পানীৰ সৈতে বিনিয়োগৰ প্ৰস্তাৱ সম্বলিত ১৬৪খন বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন কৰিছে৷ লগতে বিকশিত অসমৰ আমাৰ দৃষ্টিভংগীৰ প্ৰতি সঁহাৰিজনক বিনিয়োগৰ প্ৰতিশ্ৰুতিও লাভ কৰা বুলি কয় শৰ্মাই।

2 / 5
আজি এডভান্টেজ আছাম ২.০ৰ দ্বিতীয় দিন। এই দিনটোতে দেশ-বিদেশৰ বহু বিনিয়োগকাৰীয়ে অসমত বিনিয়োগ কৰাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি আজিৰ দিনটোত কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অসমত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

3 / 5
উল্লেখ্য যে,কালিৰ দিনটোত ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী আৰু আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে অসমত ৫০,০০০ কোটি টকাকৈ বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে।  ইয়াৰোপৰি তেল আৰু গেছ খণ্ডত ৫০,০০০ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বেদান্তা গ্ৰুপে।

4 / 5
লগতে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকে,  অশ্বিনীয় বৈষ্ণৱকে ধৰি বিভিন্নজনে অসমৰ বাবে ডাঙৰ ঘোষণা কৰিছে। ইয়াৰ লগতে 'এডভাণ্টেজ আছাম-২.০'ত সুন্দৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী ২৭ ফেব্ৰুৱাৰীৰ পৰা সাধাৰণ জনতাইও চাব পাৰিব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।

5 / 5