এডভান্টেজ আছাম ২.০ঃ আম্বানী আৰু আদানীয়ে ৫০,০০০ কোটিকৈ বিনিয়োগ কৰিব অসমত... | Advantage assam 2.0 mukesh ambani and gauta, adani will invest 50,000 cr in assam Assam news - Assam Tv9

এডভান্টেজ আছাম ২.০ঃ আম্বানী আৰু আদানীয়ে ৫০,০০০ কোটিকৈ বিনিয়োগ কৰিব অসমত…

Updated On: 

25 Feb 2025 17:27 PM

Advantage Assam 2.0: আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এডভান্টেজ আছাম ২.০। আজিৰ কাৰ্যসূচীত দেশ বিদেশৰ বহু বিনিয়োগকাৰী উপস্থিত হৈ অসমৰ বাবে ডাঙৰ ঘোষণা কৰে।

1 / 5আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এডভান্টেজ আছাম ২.০। এই অনুষ্ঠানত দেশ বিদেশৰ বহু বিনিয়োগকাৰী উপস্থিত হৈ ডাঙৰ ঘোষণা কৰে। অনুষ্ঠানৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এডভান্টেজ আছাম ২.০। এই অনুষ্ঠানত দেশ বিদেশৰ বহু বিনিয়োগকাৰী উপস্থিত হৈ ডাঙৰ ঘোষণা কৰে। অনুষ্ঠানৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

2 / 5

এই সন্মিলনত অংশ গ্ৰহণ কৰি বিশিষ্ট উদ্যোগপতি গৌতম আদানীয়ে ৫০,০০০ কোটি টকা বিনিয়োগৰ ঘোষণা কৰে। আদানীয়ে কয় যে এৰোচিটি, চিজিডি, চিমেন্ট আৰু অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অসমত আদানী গ্ৰুপে ৫০,০০০ কোটি বিনিয়োগ কৰিব।

3 / 5

ইয়াৰোপৰি ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়েও ডাঙৰ ঘোষণা কৰে। আম্বানীয়ে কয় যে, অহা ৫ বছৰত মূল ক্ষেত্ৰত ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব ৰিলায়েন্স গ্ৰুপে। ৰিলায়েন্সে অসমত ২টা বায়’ গেছ ইউনিট, কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ মেগা ফুড পাৰ্ক, ডাবল ৰিলায়েন্স খুচুৰা উপস্থিতি,৭ ষ্টাৰ ওবেৰয় হোটেল স্থাপন কৰিব। যাৰ বাবে অসমত ১০,০০০ কৰ্মসংস্থাপনৰ হ'ব।

4 / 5

এন চন্দ্ৰশেখৰনে, অধ্যক্ষ ,টাটা ছনছে ঘোষণা কৰে যে অনাগত বৰ্ষত টাটা গ্ৰুপে আন এক বৃহৎ উৎপাদন প্ৰযুক্তিবিদ্যাত বিনিয়োগ কৰিব যিয়ে ৩০ হাজাৰ যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। ইয়াৰোপৰি টাটা গ্ৰুপে অহা ৫ বছৰত অসমত ৫জিডব্লিউ নবীকৰণযোগ্য শক্তি সংস্থাপন কৰিব বিচাৰিছে বুলি তেওঁ কয়।

5 / 5

উল্লেখ্য যে, দুদিনীয়াকৈ আয়োজিত এডভান্টেজ আছাম ২.০ ৰ কাৰ্যসূচীত দেশ বিদেশৰ বহু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰি অসমত বিনিয়োগ কৰিব। এই সময়চোৱাত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব।

এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?