ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া, কেতিয়া, কেনেকৈ কৰিব আবেদন? | Advertisement released for recruitment of 4500 LP and UP teachers post in assam Assam news - Assam Tv9

ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া, কেতিয়া, কেনেকৈ কৰিব আবেদন?

Updated On: 

09 Jan 2025 18:44 PM

নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰে দিলে আন এক ভাল খবৰ। ৰাজ্য়ৰ শিক্ষাখণ্ডত পুনৰ হ'ব নিযুক্তি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনালে এই কথা।

1 / 5ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনালে এই কথা।

ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনালে এই কথা।

2 / 5

২০২৬ চনৰ ভিতৰত ১.৫ লাখ চৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্য পূৰণৰ দিশে ৰাজ্য চৰকাৰ। নিম্ন আৰু উচ্চ প্রাথমিক শিক্ষকৰ ৪৫০০ পদৰ বাবে মুকলি কৰা হৈছে বিজ্ঞাপন।

3 / 5

১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ উপযুক্ত প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। dee.assam.gov.inত প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব।

4 / 5

এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখিছে, "আন এক সুখবৰ। ২০২৬ চনৰ ভিতৰত আমাৰ ১.৫ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য পূৰণৰ দিশে আগুৱাই আমি শীঘ্ৰেই ৰাজ্যত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষকৰ ৪,৫০০ পদৰ বাবে নিযুক্তি মুকলি কৰিবলৈ গৈ আছোঁ। আবেদন প্রক্রিয়া ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ dee.assam.gov.in মুকলি কৰি দিয়া হ'ব।"

5 / 5

এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে সামাজিক মাধ্যমত লিখিছে, "প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৪৫০০ LP আৰু UP শিক্ষক নিযুক্তিৰ বিজ্ঞাপন মুকলি কৰা হৈছে।"

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?