01 Feb 2025 10:20 AM
বাজেট দাখিলৰ পূৰ্বেই পিছে দেশবাসীয়ে লাভ কৰিছে এক সকাহৰ খবৰ। তেল বিপণন কোম্পানীসমূহে আজি হ্ৰাস কৰিছে গেছ চিলিণ্ডাৰৰ দাম। অৱশ্যে বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে এই সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্ত অনুসৰি ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৭ টকা হ্ৰাস কৰা হৈছে।
এই মূল্য হ্ৰাসৰ প্ৰভাৱ সমগ্ৰ দেশতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব। স্থানীয় কৰ আৰু পৰিবহণ খৰচৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যভেদে এল পি জিৰ মূল্য বেলেগ বেলেগ হয়। মূল্য হ্ৰাসৰ পিছত দিল্লীত এতিয়া ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰ ১,৭৯৭ টকাত উপলব্ধ হ’ব।
১৯ কেজি ওজনৰ এই বাণিজ্যিক এল পি জি চিলিণ্ডাৰ হোটেল, ৰেষ্টুৰেণ্ট, আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানত বহুলভাৱে ব্যৱহাৰ কৰা হয়। গতিকে মূল্য হ্ৰাসৰ এই সিদ্ধান্তই ৰেষ্টুৰেণ্ট, হোটেল, আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানসমূহক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব।
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত তেল কোম্পানীসমূহে ১৯ কেজি বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৬২ টকা বৃদ্ধি কৰিছিল। আজি কোম্পানীসমূহে ৭টকা মূল্য হ্ৰাস কৰিছে যদিও বাজেটত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছত চিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত পুনৰ পৰিৱৰ্তন দেখা যাব পাৰে।
তেল বিপণন কোম্পানীসমূহে অৱশ্যে ১৪ কিলোগ্ৰাম ওজনৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাসৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। এনে পৰিস্থিতিত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ ৰ’ব। অৱশ্যে আজিৰ বাজেটে এইক্ষেত্ৰত কিছু সকাহ দিব পাৰে বুলি আশা কৰা হৈছে।