যিজন অভিনেতাই পাইছিল ৩০ হাজাৰ ছোৱালীৰ প্ৰেমৰ প্ৰস্তাৱ, তেওঁক KISS কৰি বিপদত ঐশ্বৰ্য ৰায়! | Aishwarya Rai Bachchan in trouble with kissing scene, Aishwarya was threatened with legal action Assam news - Assam Tv9

যিজন অভিনেতাই পাইছিল ৩০ হাজাৰ ছোৱালীৰ প্ৰেমৰ প্ৰস্তাৱ, তেওঁক KISS কৰি বিপদত ঐশ্বৰ্য ৰায়!

Published: 

08 Apr 2025 20:02 PM

Aishwarya Rai: বচ্চন পৰিয়ালৰ বোৱাৰী তথা বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে। তেওঁৰ আৰু অভিষেক বচ্চনৰ মাজত বিবাহ বিচ্ছেদৰ উৰাবাতৰি বহু বিয়পি থাকে। অৱশ্যে এই দম্পতীয়ে বহু ছবিত একেলগে কামো কৰিছে। কিন্তু ১৯ বছৰ আগতে মুক্তি পোৱা ঐশ্বৰ্যৰ চিনেমাখনৰ সেই দৃশ্যটোৰ বিষয়ে জানেনে, যাৰ বাবে তেওঁ আইনী জাননী লাভ কৰিছিল ?

1 / 6দীৰ্ঘদিন ধৰি কোনো ছবিত অভিনয় কৰা নাই ঐশ্বৰ্য ৰায়ে। অৱশ্যে ইভেণ্টত কন্যাৰ সৈতে দেখা যায়। ঐশ্বৰ্য ৰায় বচ্চনে নিজৰ কেৰিয়াৰত বহু হিট এণ্ড ফ্লপ ছবি দিছে। কিন্তু ১৯ বছৰ পূৰ্বে মুক্তি পোৱা এখন ছবিৰ এটা দৃশ্য সন্দৰ্ভত তেওঁ আইনী জাননী লাভ কৰিছিল।

দীৰ্ঘদিন ধৰি কোনো ছবিত অভিনয় কৰা নাই ঐশ্বৰ্য ৰায়ে। অৱশ্যে ইভেণ্টত কন্যাৰ সৈতে দেখা যায়। ঐশ্বৰ্য ৰায় বচ্চনে নিজৰ কেৰিয়াৰত বহু হিট এণ্ড ফ্লপ ছবি দিছে। কিন্তু ১৯ বছৰ পূৰ্বে মুক্তি পোৱা এখন ছবিৰ এটা দৃশ্য সন্দৰ্ভত তেওঁ আইনী জাননী লাভ কৰিছিল।

2 / 6

২০০৬ চনত মুক্তি পোৱা ‘ধুম ২’ চিনেমাখন পৰিচালনা কৰিছিল সঞ্জয় গাধৱীয়ে। আনহাতে, আদিত্য চোপ্ৰা আৰু যশ চোপ্ৰাই একেলগে ধন বিনিয়োগ কৰিছিল। ছবিখনত উদয় চোপ্ৰা আৰু অভিষেক বচ্চনে ঋত্বিক ৰোশনক ধৰিবলৈ চেষ্টা কৰে। লগতে ঐশ্বৰ্য ৰায়ে সুনেহৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।

3 / 6

ছবিখনত হৃতিক ৰোশন আৰু ঐশ্বৰ্য ৰায়ৰ যুটিক দৰ্শকে বহুত ভাল পাইছিল। চিনেমাখনত দুয়োৰে এক সুন্দৰ নৃত্যও আছিল। যাক ৰাইজেও যথেষ্ট প্ৰশংসা কৰিছিল। অৱশ্যে এই ছবিখনৰ বাবে যেতিয়া ঐশ্বৰ্য ৰায়ে অনস্ক্ৰীণ কিচিং দৃশ্য দিছিল তেতিয়া হুলস্থুলৰ সৃষ্টি হৈছিল।

4 / 6

আচলতে এইটোৱেই আছিল ঐশ্বৰ্য ৰায়ৰ কেৰিয়াৰৰ প্ৰথম চুমা খোৱাৰ দৃশ্য। ইয়াৰ পিছতে আইনী ভাবুকি লাভ কৰিবলৈ আৰম্ভ কৰে। এক সাক্ষাৎকাৰত ঐশ্বৰ্য ৰায়ে এই বিতৰ্কৰ বিষয়ে মুকলিকৈ কয়।

5 / 6

এই চুমা খোৱাৰ দৃশ্য সন্দৰ্ভত ঐশ্বৰ্য ৰায়েও কিছু আইনী জাননী পোৱা বুলি কৈছিল। এই জাননী প্ৰেৰণ কৰিছে দেশৰ একাংশ লোকে। কোনে কৈছিল যে ঐশ্বৰ্য ৰায় তেওঁলোকৰ মডেল আৰু আইকনিক। তেওঁ সাধাৰণ জীৱন-যাপন কৰিব লাগে। নাৰীৰ বাবে আদৰ্শ হৈ কেনেকৈ এনে দৃশ্য কৰিব পাৰে!

6 / 6

আচলতে হৃতিক ৰোশনেই সেইগৰাকী অভিনেতা যিয়ে ৩০ হাজাৰ ছোৱালীৰ পৰা বিবাহৰ প্ৰস্তাৱ লাভ কৰিছিল। এই কথা কপিলৰ কমেডী শ্ব’ত উল্লেখ কৰিছিল। ২০০০ চনত মুক্তি পোৱা তেওঁৰ ছবি ‘কাহো না প্যাৰ হ্যেয়’। তেওঁক দেখাৰ পিছত ছোৱালীয়ে প্ৰস্তাৱ পঠিয়াবলৈ আৰম্ভ কৰে।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক