Ali-Ai-Ligang festival 2025: আলি আঃয়ে লৃগাং আৰু জনবিশ্বাস, লৃগাঙৰ আনন্দত মতলীয়া মিচিং ডেকা-গাভৰু | Ali Ai Ligang festival 2025, the agricultural festival of the mising community Assam news - Assam Tv9

Ali-Ai-Ligang festival 2025: আলি আঃয়ে লৃগাং আৰু জনবিশ্বাস, লৃগাঙৰ আনন্দত মতলীয়া মিচিং ডেকা-গাভৰু

Published: 

19 Feb 2025 17:19 PM

আজি মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং । গুমৰাগৰ লহৰত মতলিয়া হৈ পৰিছে মিচিং ডেকা-গাভৰুসকল ৷ গুমৰাগ-ঐনিতমৰ সুৰত প্ৰাণচঞ্চল দিচাং নৈৰ চাপৰি।

1 / 6আজি ফাগুনৰ প্ৰথমটো বুধবাৰ। আজি মিচিং লোকসকলে উলহ-মালহেৰে পালন কৰিছে আলি আঃয়ে লৃগাং। এয়া মিচিং জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ।

আজি ফাগুনৰ প্ৰথমটো বুধবাৰ। আজি মিচিং লোকসকলে উলহ-মালহেৰে পালন কৰিছে আলি আঃয়ে লৃগাং। এয়া মিচিং জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ।

2 / 6

মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচে। ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে শিৱসাগৰ জিলাৰ মিচিং জনগোষ্ঠীয় লোকৰ অধ্যুষিত অঞ্চল দিচাংমুখতো পালন কৰা হৈছে আলি আঃয়ে লৃগাং ।

3 / 6

আজি দিচাংমুখৰ অফলাত দেখা পোৱা যায় মিচিং ডেকা-গাভৰুৰ পাৰভঙা উৎসাহ। ঐনিতমৰ সুৰ, ঢোলৰ গুমগুমনিত কঁপি উঠে দিচাং নদীৰ পাৰ। নৈপৰীয়া মিচিং লোকসকলে আজিৰ দিনটোত নিজ নিজ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰি ব্যাপক উৎসাহ আৰু উদ্বীপনাৰ সৈতে পালন কৰিছে আলি আঃয়ে লৃগাং।

4 / 6

পূৰ্বতে আলি আঃয়ে লৃগাং উৎসৱ পাঁচদিনীয়াকৈ পালন কৰা হৈছিল। প্ৰথমদিনা ৰীতি অনুসৰি শস্য সিঁচা হয়। পথাৰৰ পূব দিশৰ এটা কোণৰ প্ৰায় ২-৩ফুট বহল আৰু ৩-৪ফুট দীঘল ঠাই এটুকুৰা চাফ-চিকুণ কৰা হয়।

5 / 6

বিশ্বাসমতে শস্য সিঁচিবলৈ যাওঁতে গৃহস্থজনে ধানৰ থোক ঘিলাৰ চেইনৰ দৰে দীঘল আৰু শিলৰ দৰে গধুৰ হোৱাৰ কামনাৰে লগত ঘিলা আৰু শিলগুটি লৈ যাব লাগে। শস্য সিঁচাৰ পাছৰ পৰা কেইদিনমান তেওঁলোকে মাটি নাখান্দে, বাঁহ-বেত, খেৰ-খাগৰি আদি নাকাটে, ভজা-পোৰা নাখায়। অন্যথা শস্যৰ বীজ শুকাই যায় বুলি ভবা হয়।

6 / 6

বীজ সিঁচি ঘৰলৈ আহি গৃহস্থজনে এবাটি পঃৰ আপং আৰু পুৰাং খায় আৰু এই কামনা কৰে যাতে খাদ্যবস্তুৰ কোনোদিনে অভাৱ নহয়। শস্য সিঁচাৰ তিনিদিন পাছত ৰীতি-নীতি মতে এই বাধা-নিষেধ ভঙা হয়। মিচিংসকলে বিশ্বাস কৰে যে - দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব; তেতিয়া শস্যৰ উৎপাদন নহ'ব। সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?