ৰাজ্যৰ লাখ লাখলোকৰ একাউন্টত আজি সোমাব চৰকাৰী ধন, তালিকাত নাম আছে নেকি আপোনাৰ... | almost 44.7 lakh beneficiaries of assam will get money today orunodoi and pension know in details Assam news - Assam Tv9

ৰাজ্যৰ লাখ লাখলোকৰ একাউন্টত আজি সোমাব চৰকাৰী ধন, তালিকাত নাম আছে নেকি আপোনাৰ…

Published: 

10 Dec 2024 10:58 AM

ৰাজ্যৰ লাখ লাখলোকৰ বাবে আছে ভাল খবৰ! কিয়নো আজি অসমৰ লাখ লাখ মানুহৰ একাউন্টত সোমাব চৰকাৰী ধন। দিনৰ ১১ বজাৰ লগে লগে এই ধন লাভ কৰিব হিতাধিকাৰীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্টো কৰিছে।

1 / 5মাজত মাত্ৰ কিছু সময়। আজি ৰাজ্যৰ লাখ লাখ মানুহৰ একাউন্টত সোমাব চৰকাৰী ধন।  এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কয় যে, আজ ১০ তাৰিখ। এই দিনটোতেই ৰাজ্যৰ লাখ লাখ মানুহে পাব ধন। মহিলাৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে বিভিন্নজনৰ একাউন্টন ধন সুমাব।

মাজত মাত্ৰ কিছু সময়। আজি ৰাজ্যৰ লাখ লাখ মানুহৰ একাউন্টত সোমাব চৰকাৰী ধন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কয় যে, আজ ১০ তাৰিখ। এই দিনটোতেই ৰাজ্যৰ লাখ লাখ মানুহে পাব ধন। মহিলাৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে বিভিন্নজনৰ একাউন্টন ধন সুমাব।

2 / 5

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, "আজি ডিচেম্বৰ মাহৰ ১০ তাৰিখ অৰ্থাৎ অসমত পেঞ্চন আৰু অৰুণোদয়ৰ দিন৷ এই দিনটোত পোনপটীয়াকৈ ৪৪.৭ লাখ+ হিতাধিকাৰীক মুঠ ৩৮৭ কোটি টকাতকৈ অধিক ধনৰাশি বেংক একাউণ্ট যোগে প্ৰদান কৰা হ'ব৷ এয়া হৈছে আমাৰ চৰকাৰৰ দ্বাৰা ৰাজ্যৰ দৰিদ্ৰতা নিৰ্মূলৰ সৰ্ববৃহৎ আঁচনি"৷

3 / 5

উল্লেখ্য যে,প্ৰতি মাহৰ ১o তাৰিখ "পেঞ্চন আৰু অৰুণোদয়ৰ দিন" হিচাপে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ অধীনতে আজি অৰুণোদয়, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আৰু ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলৰ একাউন্টন ধন সোমাব ৷ দিনৰ ১১ বজাৰ লগে লগে এই ধন লাভ কৰিব হিতাধিকাৰীসকলে। অৰুণোদয় আঁচনিৰ অধীনত প্ৰথমে হিতাধিকাৰীয়ে ৮৩০ টকা লাভ কৰিছিল যদিও বৰ্তমান লাভ কৰে ১২৫০ টকা।

4 / 5

উল্লেখ্য যে, ২০২০ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰিছিল। ৰাজ্যৰ ১৮ খন আঁচনিৰ ভিতৰত অন্যতম অৰুণোদয় আঁচনি। এই আঁচনিৰ অধীনত বৰ্তমান অসমত হিতাধিকাৰীৰ সংখ্যা ২৪.৬০ লাখৰো অধিক। কিছুদিন পূৰ্বে অৰুণোদয় আঁচনিৰ ৩.০ শুভাৰম্ভ কৰি শৰ্মাই কৈছিল যে এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি পাব।

5 / 5

গতিকে আজি অৰুণোদয় আৰু পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১৫ৰ পৰা ২৮ ডিচেম্বৰৰ ভিতৰত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব। পূৰ্বৰ হিতাধিকাৰীসকলেও নতুনকৈ আবেদন কৰিব লাগিব। তাৰ ওপৰত ভিত্তি কৰিহে হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব। অৰুণোদয়ৰ অধীনত হিতাধিকাৰীৰ সংখ্যা চৰকাৰে বৃদ্ধি কৰিব বিচাৰে বুলি শৰ্মাই কয়।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে