চলিত বৰ্ষৰ অমৰনাথ যাত্ৰা আজি অৰ্থাত ২৯ জুনৰ পৰা আৰম্ভ হয়। বাবাৰ দৰ্শন কৰিবলৈ ভক্তসকলে বালাতাল আৰু নুনৱানৰ পথেৰে ৰাওনা হৈছে। এইবাৰ ১৯ আগষ্টলৈ চলিব এই যাত্ৰা। photo_ pti
এই যাত্ৰীসকলে শনিবাৰে পুৱা দক্ষিণ কাশ্মীৰ হিমালয়ৰ ৩,৮৮০ মিটাৰ উচ্চতাত স্থিত পবিত্ৰ অমৰনাথ গুহাৰ বাবে কঠিন যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে। phpto_ social media
জম্মু- কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই শুকুৰবাৰে পুৱা জম্মুৰ ভগৱতী নগৰস্থিত যাত্ৰী নিবাসৰ পৰা ৪,৬০৩ গৰাকী যাত্ৰীক এই যাত্ৰাৰ বাবে প্ৰেৰণ কৰে। এইবাৰ পূৰ্বতকৈ বেছি ভক্তৰ আগমন ঘটাৰ আশা কৰা হৈছে অমৰনাথলৈ।
যাত্ৰাপথত ১০টাতকৈও অধিক ঘাট নিৰ্মাণ কৰা হৈছে। এই ঘাটসমূহত তীৰ্থযাত্ৰীসকলক গা ধোৱাৰ লগতে পূজা কৰাৰ সুবিধা প্ৰদান কৰা হৈছে। একেদৰে দুয়োটা পাহাৰীয়া ট্ৰেকৰ স্পৰ্শকাতৰ স্থানত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰায় ১৪ কিলোমিটাৰ এলেকা দুয়োফালে ৰেলিং বান্ধি দিছে। phto_pti
প্ৰায় ৪ লাখ ভক্তই এইবাৰ পঞ্জীয়ন কৰিছে অমৰনাথ যাত্ৰাৰ বাবে। এইলোকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰ প্ৰশাসনে হাজাৰ হাজাৰ সেনা নিয়োগ কৰিছে। সুৰক্ষাৰ প্ৰতি সকলো নজৰ ৰাখিছে। phto- IANS