APSC ৰ ২০২৩ চনৰ চিচিই চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। এই পৰীক্ষাত মুঠ ২৩৫ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ইয়াৰে শীৰ্ষ ১০ ত স্থান থকা ১০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকীয়েই মহিলা। ASC ৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় চিৰঞ্জীৱ ফুকন আৰু মহিলা প্ৰাৰ্থীৰ শীৰ্ষত থাকে এনিশা বুঢ়াগোহাঁই। APSC ৰ শীৰ্ষ ১০ত নাম আছে- চিৰঞ্জীৱ ফুকন, এনিশা বুঢ়াগোহাঁই, হিমাদ্ৰী জিত বৰা, মৃগাংক্ষী বৰুৱা, টুটুমণি কাকতি, মৃদুস্মিতা ৰয়, মেৰী কলিতা, দীক্ষা সৰকাৰ, নিলম গাৰ্গ আৰু অংকিতা ছেত্ৰীৰ।