শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জন্ম হ’ব এখন নতুন দেশ! ভাৰতৰ ওচৰত কোনে চলাইছে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰস্তুতি…

ভাৰতৰ ওচৰত হ'ব নেকি এখন নতুন দেশ? এই প্ৰশ্নটোৱে এতিয়া বহুতৰ মাজত শংকা বৃদ্ধি কৰিছে। কিয়নো আৰাকান আৰ্মীয়ে স্বাধীনতা লাভ লক্ষ্য বান্ধি আগুৱাই আহি আছে। ইতিমধ্যে বাংলাদেশৰ সীমান্তত নিজৰ আধিপত্য বিস্তাৰ কৰিছে আৰাকান সেনাই।

barasha-sarma
Barasha Sarma | Published: 08 Jan 2025 12:22 PM
আজিৰ পৰা প্ৰায় ৩ মাহ আগত যি কাম অসম্ভৱ যেন লাগিছিল সেই যেন এতিয়া বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। আশংকা কৰা হৈছে যে ইউনাইটেড লীগ অৱ আৰাকান (ইউ এল এ) আৰু তেওঁলোকৰ সামৰিক শাখা আৰাকান সেনাৰ প্ৰভাৱত ভাৰত সীমান্তত এখন নতুন দেশৰ জন্ম হ'ব পাৰে। স্বাধীনতা লাভৰ লক্ষ্য লৈ আৰাকান আৰ্মীয়ে এখোজ এখোজকৈ আগবাঢ়িছে।

1 / 5
ইতিমধ্যে আৰাকান সেনাই ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ১৮ খন চহৰৰ ভিতৰত ১৫ খন নিজৰ দখললৈ নিছে। আনকি চুবুৰীয়া দেশ বাংলাদেশৰ সৈতে ম্যানমাৰৰ ৩০০ কিলোমিটাৰ সীমান্ত এতিয়া আৰাকান সেনাৰ দখলত। অৱশ্যে বৰ্তমান পৰ্যন্ত ম্যানমাৰৰ ৩ টা গুৰুত্বপূৰ্ণ স্থান চৰকাৰৰ হাতত আছে। ম্যানমাৰৰ সেনাই ছিটুৱে বন্দৰ, মুয়ানাং চহৰ আৰু বংগোপসাগৰৰ কিউকফু বন্দৰৰ ওপৰত নিজৰ কৰ্তৃত্ব বজাই ৰাখিছে।

2 / 5
উল্লেখ্য যে, ২০২৪ চনৰ ৩১ ডিচেম্বৰত আৰকান আৰ্মীয়ে গোৱা চহৰ দখল কৰিছিল। এই চহৰখন আছিল ম্যানমাৰৰ পশ্চিম সেনাৰ আঞ্চলিক কামাণ্ডো মুখ্য কাৰ্যালয়। গতিকে এই চহৰখনৰ ৰাজনৈতিক আৰু ভৌগালিক গুৰুত্ব ইয়াৰ দ্বাৰাই বুজিব পাৰি।

3 / 5
ইয়াৰ কিছুদিন পূৰ্বে আৰাকান সেনাই সেনাবাহিনীৰ পৰা মংডো চহৰ কাঢ়ি লৈছিল আৰু বাংলাদেশৰ সীমান্ত অঞ্চল সম্পূৰ্ণ দখল কৰিছিল।  এই বিদ্ৰোহী সংগঠনে যদি সম্পূৰ্ণ ৰাখাইন দখল কৰি স্বাধীনতা ঘোষণা কৰিবলৈ সক্ষম হয় তেন্তে ১৯৭১ চনত বাংলাদেশ গঠন হোৱাৰ পাছত এছিয়াত হ'ব এয়া প্ৰথম সফল বিচ্চিন্নতাবাদী সামৰিক অভিযান।  গতিকে এনে পৰিস্থিতি ভাৰতৰ চুবুৰীয়া অঞ্চলত এখন নতুন দেশৰ জন্ম হ'ব পাৰে। এই দেশখন বাংলাদেশ সীমান্তত গঢ় লৈ উঠাৰ আশংকা কৰা হৈছে।

4 / 5
উল্লেখ্য যে, ৰাখাইন ৰাজ্যৰ অধিকাংশ অংশ তথা চীনৰ কৌশলগত ৰাজ্যিক চহৰ পেলেট’য়াৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰাৰ পিছত ইউনাইটেড লীগ অৱ আৰাকান মিলিটাৰীয়ে সামৰিক জন্টাৰ সৈতে আলোচনা কৰিবলৈ সন্মত হৈছে। দুয়োটা পক্ষই চীনৰ নেতৃত্বত থকা হাইগাং চুক্তি সন্দৰ্ভত আলোচনা কৰিবলৈ মত প্ৰকাশ কৰিছিল। ২০২৪ চনৰ এই চুক্তিখনৰ মূল লক্ষ্য় আছিল সামৰিক অভিযানৰ পৰিৱৰ্তে ৰাজনৈতিক আলোচনাৰ জৰিয়তে আভ্যন্তৰীন সমস্যা সমাধান কৰা। ইউনাইটেড লীগ অৱ আৰাকানে ইয়াৰ পূৰ্বে এক বিবৃতিত এই সমস্যা সমাধানৰ ক্ষেত্ৰত আন দেশৰ সমৰ্থনৰ কথাও উল্লেখ কৰিছে। গতিকে পৰৱৰ্তী সময়ত ছবি স্পষ্ট হৈ পৰিব যে আৰকান সেনাই কি পন্থা গ্ৰহণ কৰে।

5 / 5
Latest Stories