শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঝুমইৰ বিনন্দিনী: একেলগে ঝুমুৰ নাচিলে প্ৰায় ৯০০০ শিল্পীয়ে

মাদলৰ ছেও আৰু ঝুমুৰৰ ছন্দত মুখৰিত সৰুসজাই ষ্টেডিয়াম । প্ৰধানমন্ত্ৰী মোদীও সাক্ষী হ'ল ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ-

raj-saikia
Raj Saikia | Published: 24 Feb 2025 19:40 PM
আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় ঝুমইৰ বিনন্দীয়া শীৰ্ষক অনুষ্ঠান । প্ৰায় ৮৬০০ গৰাকী শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অনুষ্ঠান ।

1 / 7
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, প্ৰায় ৬০ খন দেশৰ প্ৰতিনিধিৰ লগতে বিভিন্নজনে উপভোগ কৰে এই ঝুমুৰ নৃত্যৰ অনুষ্ঠান ।

2 / 7
ৰাজ্যৰ ৮০০ চাহ বাগিচাৰ পৰা সৰুসজাইত উপস্থিত হৈছেহি শিল্পীসকল । তেওঁলোকে পৰিৱেশন কৰে ঝুমুৰ নৃত্য ।

3 / 7
ঝুমুৰ হৈছে চাহ জনগোষ্ঠীয় লোকসকলৰ এক পৰম্পৰাগত নৃত্য । চাওঁতালী মুণ্ডাৰি ভাষাত 'ঝুম' মানে মানুহৰ গোট বা ভিৰ আৰু 'অইৰ' মানে ঘেৰি ধৰা । অৰ্থাৎ ঝুমইৰ শব্দৰ অৰ্থ হ'ল জুম পাতি ঘূৰি ঘূৰি নচা । কালক্ৰমত ঝুমইৰ শব্দটো ঝুমুৰ হিচাপে পৰিচিত হৈ পৰে ।

4 / 7
ভাদ মাহৰ শুক্লা একাশী তিথিত চাহ জনগোষ্ঠীয় লোকসকলে পালন কৰে কৰম পৰৱ । কৰম পৰৱতেই পৰিৱেশন কৰা হয় ঝুমুৰ নৃত্য ।

5 / 7
এই নৃত্যত মহিলাসকলে হাতত হাত ধৰি শাৰীপাতি নৃত্য কৰে । প্ৰথমগৰাকী নাচনীয়ে নিজৰ সোঁহাতৰ আঙুলি দ্বিতীয়গৰাকী নাচনীৰ বাওঁহাতৰ আঙুলিত সুমুৱাই নৃত্য কৰে ।

Jhumur6

6 / 7
পুৰুষসকলে মাদল, বাঁহী, তাল আজি বাদ্য বজাই গীত গায় । ডেকাজনে গোৱা গীতটিৰ শেষৰ দুফাকি পুনৰ গায় মহিলাসকলে নৃত্য কৰে ।

7 / 7