মাউলিননংঃ ভাৰতৰ উত্তৰ-পূবৰ মেঘালয় ৰাজ্যত অৱস্থিত এখন সৰু গাওঁ মাউলিননং। Mawlynnong পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। কিন্তু এই গাঁওখন কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে বিখ্যাত। মানুহে ইয়াক ঈশ্বৰৰ নিজৰ উদ্যান (Gods own garden) বুলিও কয়।
এই গাঁৱৰ বিশেষত্ব এয়াই যে মাউলিননং এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও। এই কাৰণেই সমগ্ৰ বিশ্বৰ মানুহৰ দৃষ্টি ই আকৰ্ষণ কৰে। মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গাওঁ।
পৰ্যটনৰ বাবে মেঘালয় বিখ্যাত। এই গাঁৱখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে লিভিং ৰুট ব্ৰীজ। এইখন এখন শিপাৰ দলং, যি ৰবৰ গছৰ পৰা নিৰ্মাণ হৈছে । এই গাঁওখন পৰিষ্কাৰ হোৱাৰ বাবে ইয়াত কোনো প্ৰদূষণ নাই।
এই গাঁৱৰ মানুহে পৰম্পৰাগত খেতি পদ্ধতি অনুসৰণ কৰে। ইক’ টুৰিজিম উপভোগ কৰিবলৈ এই গাঁওখনলৈ যাব পাৰে। ইয়ালৈ অহা লোকসকলে বাঁহেৰে সজা ঘৰত থাকি গাঁওখনৰ মনোমোহা দৃশ্য চাব পাৰে।
জলপ্ৰপাত, ৰুট ব্ৰীজত ট্ৰেকিং আৰু স্থানীয় কৃষি পদ্ধতিৰ বিষয়ে জানিব পাৰিব। ইয়াৰোপৰি ইয়াৰ ওচৰে-পাজৰেও আৰু বহু পৰ্যটনস্থলী আছে। মেঘালয়ৰ বতৰ প্ৰায় সেমেকা হৈ থাকে। গতিকে গৰমৰ দিনত এই ঠাই ভ্ৰমণৰ বাব উপযুক্ত।