অসমৰ নামঘৰসমূহে লাভ কৰিব ৩ লাখকৈ টকা, ভকতেও লাভ কৰিব মাহিলী আৰ্থিক সাহাৰ্য... | Assam almost 25k namghar Assam will receive financial assistance says himanta biswa sarma assam Assam news - Assam Tv9

অসমৰ নামঘৰসমূহে লাভ কৰিব ৩ লাখকৈ টকা, ভকতেও লাভ কৰিব মাহিলী আৰ্থিক সাহাৰ্য…

Published: 

26 Jan 2025 16:08 PM

গণৰাজ্য দিৱসৰ শুভ ক্ষণত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰে। শৰ্মাই কয় যে, অসমৰ নামঘৰ আৰু উপসনাস্থলীসমূহক অসম চৰকাৰে আৰ্থিক অনুদান প্ৰদান কৰিব।

1 / 5আজি সমগ্ৰ দেশে পালন কৰিছে গণৰাজ্য দিৱস। অসমৰো বিভিন্ন স্থানত এই দিৱস পালন কৰা হৈছে। গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ বাবে আজি ডিব্ৰুগড়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত তেওঁ ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদানো কৰে।

আজি সমগ্ৰ দেশে পালন কৰিছে গণৰাজ্য দিৱস। অসমৰো বিভিন্ন স্থানত এই দিৱস পালন কৰা হৈছে। গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ বাবে আজি ডিব্ৰুগড়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত তেওঁ ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদানো কৰে।

2 / 5

শৰ্মাই ডিব্ৰুগড়ত সভা সম্বোধন কৰি অসমৰ নামঘৰ আৰু উপসনাস্থলীসমূহলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে অসমৰ ভকতসকলৰ বাবেও বিশেষ সাহাৰ্যৰ ঘোষণা কৰে। এতিয়াৰ পৰা ভকতসকলে মাহিলী লাভ কৰিব ধনৰাশি।

3 / 5

শৰ্মাই কয় যে, অসমৰ ২৫ হাজাৰ নামঘৰ আৰু উপাসনাস্থলীলৈ আৰ্থিক অনুদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ অধীনত অসমৰ প্ৰায় ২৫ হাজাৰ নামঘৰলৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব। ইয়াৰ অধীনত অসমৰ নামঘৰসমূহক ৩ লাখকৈ টকা প্ৰদান কৰা হ'ব।

4 / 5

ইয়াৰোপৰি শৰ্মাই ভকতসকলক মাহিলী টকা দিয়াৰ কথা ঘোষণা কৰে। শৰ্মাই কয় যে,শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰ দেৱ আদিয়ে আৰম্ভ কৰা নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈছিল সেইসকলক মাহিলী ১৫০০ টকা আগবঢ়োৱা হ'ব।

5 / 5

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আধুনিকতাৰ লগতে পৰম্পৰাক সন্মান জনোৱাতো কৰ্তব্য। যাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে আৰ্থিক অনুদান লাভৰ বাবে নামঘৰসমূহে কি তথ্য প্ৰদান কৰিব লাগিব বা কিহৰ ভিত্তিত নিৰ্বাচন কৰা হ'ব সেয়া এতিয়ালৈকে প্ৰকাশ কৰা নাই।

পুৰীৰ জগন্নাথ মন্দিৰৰ অলৌকিক শক্তি! কিয় বতাহৰ বিপৰীত দিশত উৰে মন্দিৰৰ পতাকা?
যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
কাজিৰঙাত গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু
ভাৰতৰ কোনখন চহৰত কণ্ডমৰ ৰাজধানী বুলি কোৱা হয়, জানেনে?