পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতৰ পৰিয়াললৈ অসম চৰকাৰে আগবঢ়াব ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য... | assam announced 5 lakh to the families of all killing in pahalgam terror attack Assam news - Assam Tv9

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতৰ পৰিয়াললৈ অসম চৰকাৰে আগবঢ়াব ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য…

Published: 

25 Apr 2025 08:43 AM

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনাত ২৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। ঘটনাত নিহতসকলৰ পৰিয়াললৈ অসম চৰকাৰে আৰ্থিক সহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে।

1 / 5জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনাত ২৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ইতিমধ্যে সাজু হৈছে ভাৰত।

জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনাত ২৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ইতিমধ্যে সাজু হৈছে ভাৰত।

2 / 5

ইয়াৰ মাজতে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত নিহতসকলৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্যৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে শৰ্মাই কয় যে, এই ঘটনাত নিহতসকলৰ পৰিয়াললৈ অসম চৰকাৰে ৫ লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াব।

3 / 5

শৰ্মাই লিখে- পেহেলগামত সন্ত্ৰাসবাদৰ বলি হোৱা লোকসকলৰ ত্যাগক সোঁৱৰণ কৰি আৰু তেখেতসকলৰ পৰিয়ালক শ্ৰদ্ধাৰ চিন স্বৰূপে আমাৰ অসম চৰকাৰে প্ৰতিগৰাকী মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বহুদিন ধৰি আমাৰ ৰাজ্যখনো সন্ত্ৰাসবাদত আক্ৰান্ত হৈ আছিল বাবে আমি তেনে ভুক্তভোগী পৰিয়ালসমূহৰ যন্ত্ৰণা আৰু দুখ-কষ্ট বুজি পাওঁ আৰু এই শোকৰ মুহূৰ্তত আমি অসমবাসী তেওঁলোকৰ সৈতে সহমৰ্মিতাৰে নিশ্চয়কৈ থিয় দিম৷

4 / 5

উল্লেখ্য যে, এই আক্ৰমণ ঘটনাত সন্ত্ৰাসবাদীসকলে ধৰ্ম সুধি হত্যাকাণ্ড সংঘটিত কৰিছিল। পোহৰলৈ অহা ভিডিঅ' আৰু তথ্য অনুসৰি সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক কলমা পঢ়িবলৈ দিছিল আৰু যিয়ে পঢ়িব পৰা নাছিল সেইসকলক হত্যা কৰিছিল।

5 / 5

এই ঘটনাৰ পাছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনা তীব্ৰ গতিত বৃদ্ধি পাইছে। দেশ দুখনে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতে সিন্ধু জল চুক্তি স্থগিত, অৰ্টাৰী সীমান্ত বন্ধ কৰাৰ বিপৰীতে পাকিস্তানে বাঘা সীমান্ত বন্ধ, ভাৰতীয়ৰ ভিছা কৰ্তনকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে।

মদ্যপানৰ ক্ষেত্ৰত দেশৰ ভিতৰত তৃতীয় স্থানত অসমৰ মহিলা ! চাওক কিমান শতাংশ মহিলাই মদ খায় ?
এইসকল লোকৰ বাবে চিন্তনীয় হ’ব পাৰে আমৰ ‘লোভ’, বিৰত থাকক খোৱাৰ পৰা
ভাৰতৰ ১ টকাৰ মূল্য পাকিস্তানত কিমান হয় জানেনে? জানক সকলো...
ভূ-স্বৰ্গ কাশ্মীৰত দুখৰ ক'লা ডাৱৰ! ঠন ধৰি উঠা পৰ্যটন উদ্যোগৰ বৃহৎ ক্ষতি