উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি কইনাধৰাত গুৰুত্বপূৰ্ণ বৈঠক ৰাজ্যিক বিজেপিৰ... | Assam BJP's poll unit meets to discuss upcoming assembly by election Assam news - Assam Tv9

Assam by-elections : উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি কইনাধৰাত গুৰুত্বপূৰ্ণ বৈঠক ৰাজ্যিক বিজেপিৰ…

Published: 

13 Oct 2024 20:00 PM

অসমৰ ৫ টা বিধানসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভত দেওবাৰে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় বন্দৰ,জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বীবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু ।

1 / 5অসমৰ

অসমৰ ৫ টা বিধানসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভত দেওবাৰে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত অনুষ্ঠিত হয়।

2 / 5

এই বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় বন্দৰ,জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বীবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু ।

3 / 5

কইনাধৰা ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এই উল্লেখযোগ্য বৈঠক । এই বৈঠকত ৰাজ্যৰ আগন্তুক উপ-নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰা হয়। সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই বৈঠকৰ কথা জানিবলৈ দিছে ৰাজ্যিক বিজেপিয়ে ।

4 / 5

যোৱা লোকসভা নিৰ্বাচনত ঢলা সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, কোকৰাঝাৰ সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বঙাইগাওঁ সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী লোকসভালৈ নিৰ্বাচিত হয় । ইয়াৰ পাছতে এই ৫খন বিধানসভা আসন খালী হৈ পৰে ।

5 / 5

লোকসভা নিৰ্বাচনৰ পাছত অসমত খালী হৈ পৰা এই ৫ খন বিধানসভা আসন অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । এই উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি আজি ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হয় ।

Latest Stories
কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?