শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Budget 2025: ৰাজ্যৰ যুৱ লেখকে লাভ কৰিব ২৫ হাজাৰ টকাৰ সাহায্যঃ কিদৰে লাভ কৰিব এই ধন, চাওক

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰিছে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট। বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে আন দিশসমূহৰ লগতে ৰাজ্যত সাহিত্য চৰ্চা তথা অধ্যয়নৰ পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰে গ্ৰহণ কৰা কিছু পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। চাওঁ আহক এই বিষয়ে।

monjit-dutta
Monjit Dutta | Published: 10 Mar 2025 17:39 PM
নিজ বাজেট ভাষণত বিত্তমন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰা মতে সাহিত্য চৰ্চাৰ প্ৰসাৰ আৰু গতিশীল গ্রন্থ সংস্কৃতি ধৰি ৰাখিব পৰাকৈ সাহিত্যৰ বিকাশ আৰু গ্ৰন্থৰ সৈতে জনসাধাৰণক জড়িতকৰণত উৎসাহ যোগোৱাৰ উদ্দেশ্যে অসম চৰকাৰে কিছুমান বিশেষ পৰিকল্পনা গ্রহণ কৰিছে।

1 / 5
এই পৰিকল্পনাৰ অংশ হিচাপে সৃষ্টিশীল, বিজ্ঞানসন্মত আৰু শৈক্ষিক বিষয়ক লিখনিত বৰঙণি আগবঢ়োৱা লেখকসকলক গুৰুত্ব প্রদান কৰি ৰাজ্যৰ ১০০০ যুৱ লেখকলৈ ২৫,০০০ টকাকৈ বিত্তীয় সমর্থন আগবঢ়াব অসম চৰকাৰে।

2 / 5
অসম প্রকাশন পৰিষদৰ অনুমোদন ক্রমে গ্রন্থমেলা অনুষ্ঠিত কৰিবলৈ জিলা সদৰৰ বাবে ৫ লাখ আৰু সম-জিলা সদৰৰ বাবে ২.৫ লাখ টকাকৈ অসম চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব বুলিও ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।

3 / 5
ইফালে চৰকাৰী কৰ্মচাৰীসকলক গ্রন্থ ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে ১০০০ টকাকৈ অতিৰিক্ত এককালীন অনুদান আগবঢ়াব বুলি ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। অৱশ্যে এই অনুদান কেতিয়া আগবঢ়োৱা হ’ব সেই সন্দৰ্ভত কোনো স্পষ্ট ঘোষণা কৰা হোৱা নাই।

4 / 5
সংস্কৃতিৰ জ্ঞান আৰু বৌদ্ধিক সমৃদ্ধি ধৰি ৰাখিব পৰাকৈ চৰকাৰী অনুষ্ঠানসমূহত সকলো চৰকাৰী উপহাৰ গ্রন্থ ৰূপত হোৱা উচিত বুলিও তেওঁ প্ৰস্তাৱ দাঙি ধৰে। একেদৰে সমাজত অধ্যয়ন সংস্কৃতিক উৎসাহ যোগাবলৈ ব্যক্তিগত অনুষ্ঠান যেনে- জন্মদিন, বিবাহ ইত্যাদিত গ্রন্থ উপহাৰৰ সংস্কৃতি গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায়।

5 / 5