শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত অসম বিধানসভাৰ বাজেট অধিৱেশন, বিলাসী বাছত উঠি কোকৰাঝাৰলৈ পালেগৈ মন্ত্ৰী-বিধায়ক

আজিৰ পৰা আৰম্ভ হব অসম বিধানসভাৰ বাজেট অধিৱেশন। প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হব বাজেট অধিৱেশন। ইতিমধ্যে মন্ত্ৰী-বিধায়কসকল ৰাওনা হৈছে কোকৰাঝাৰলৈ।

barasha-sarma
Barasha Sarma | Updated On: 17 Feb 2025 12:41 PM
আজিৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত অসম বিধান সভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হ'ব। ইতিমধ্যে ইয়াৰ বাবে ৰাজ্যৰ মন্ত্ৰী-বিধায়কসকল বিলাসী বাছত উঠি কোকৰাঝাৰলৈ ৰাওনা হৈছে।

1 / 5
উল্লেখ্য যে, পোন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত এই অধিৱেশন অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষণ আচাৰ্যৰ অভিভাষণেৰে এই অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণৰ এঘণ্টা ত্ৰিছ মিনিট পাছত পুনৰ সদনৰ বৈঠক আৰম্ভ হ’ব ৷

2 / 5
সদন আৰম্ভ হোৱাৰ পাছত বিধানসভাৰ সকলো সদস্যৰ হাতত তুলি দিয়া হ'ব ৰাজ্য়পালৰ ভাষণৰ ছপা কপি। ইয়াৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ দুখন প্ৰতিবেদন সদনত দাখিল কৰিব আৰু বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে প্ৰতিবেদন ঘোষণা কৰিব।

3 / 5
ইয়াৰোপৰি বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৪-২৫ বৰ্ষৰ মঞ্জুৰীৰ পৰিপূৰক দাবী তথা বিনিয়োজন উপস্থাপন কৰিব। পৰৱৰ্তী সময়ত বিধানসভাৰ অধ্যক্ষ  বিশ্বজিৎ দৈমাৰীৰ উদ্যোগ শিতানত সদনত এক বিশেষ আলোচনা আৰম্ভ হ’ব ৷

4 / 5
আজিৰ অধিৱেশনত অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থ-সামাজিক আৰু সামগ্ৰিক উন্নয়ন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। এই আলোচনাৰ আৰম্ভণি কৰিব বিধায়ক লৰেন্স ইছলাৰীয়ে।  ইয়াৰোপৰি ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাই প্ৰশ্ন উত্থাপন কৰাৰ লগতে সমৰ্থন কৰিব বিধায়ক তেৰছ গোৱালাই ৷

5 / 5