নিহাৰ ৰঞ্জন যদি 'বাংলাদেশী', ছোনিয়া গান্ধী ‘ইটালীয়ান’ : হিমন্ত | Assam By Election 2024 : Himanta Biswa Sarma slams Congress for questioning BJP candidate’s citizenship Assam news - Assam Tv9

Himanta Biswa Sarma slams Congress : প্ৰসংগ নিহাৰ ৰঞ্জন দাস ‘বাংলাদেশী’ ! কংগ্ৰেছৰ প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী শৰ্মাই…কি ক’লে ?

Updated On: 

05 Nov 2024 19:43 PM

বিজেপিৰ প্ৰাৰ্থীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছে । কংগ্ৰেছৰ এনে প্ৰশ্নকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে ধলাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিৰোধী দলৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধীৰ জাতীয়তা(Nationality) সম্পৰ্কেও প্ৰশ্ন উত্থাপন হ’ব পাৰে।

1 / 5ৰাজ্যৰ

ৰাজ্যৰ উপ-নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছে । কংগ্ৰেছৰ এনে প্ৰশ্নকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে ধলাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিৰোধী দলৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধীৰ জাতীয়তা(Nationality) সম্পৰ্কেও প্ৰশ্ন উত্থাপন হ’ব পাৰে।

2 / 5

ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ এক প্ৰচাৰ সভাত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘কংগ্ৰেছে যদি নিহাৰ ৰঞ্জনক ‘বাংলাদেশী’ বুলি কয়, তেন্তে মই ছোনিয়া গান্ধীকো ‘ইটালীয়ান’ বুলি ক’ম। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বৰ্তমানৰ অসমৰ বৰাক উপত্যকাৰ বঙালী হিন্দু বাসিন্দাসকল বিভাজনৰ পূৰ্বৰ বাংলাদেশৰ বাসিন্দা আছিল । বিভাজনৰ পূৰ্বে ভাৰত আৰু বাংলাদেশ এখন দেশ আছিল।

3 / 5

বৰাক উপত্যকাৰ বঙালী-হিন্দুসকলৰ সমস্যা সৃষ্টি কৰাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰে মুখ্য়মন্ত্ৰী শৰ্মাই । তেওঁ কয় যে,ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে দেশ বিভাজনৰ পিছত তেওঁলোক অসমলৈ স্থানান্তৰিত হ’বলগীয়া হৈছিল।

4 / 5

ভাৰত বিভাজনৰ বাবেও মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছক দোষাৰোপ কৰে । মুখ্যমন্ত্ৰীয়ে কয়,‘তেওঁলোকে ভাৰতক দুভাগ নকৰা হ’লে বাংলাদেশৰ হিন্দুসকলৰ ওপৰত অত্যাচাৰ নহ’লহেঁতেন।’

5 / 5

‘হিন্দুসকলে এতিয়াও (বাংলাদেশত)অত্যাচাৰৰ সন্মুখীন হৈছে। এই কথা আমি টেলিভিছন আৰু ছ’চিয়েল মিডিয়াত দেখিবলৈ পাওঁ। কংগ্ৰেছে এইবোৰ বিষয় উত্থাপন কৰিব নোৱাৰে। কেৱল নেতিবাচক ৰাজনীতি কৰিবলৈহে কংগ্ৰেছ গঠন হৈছিল।’-মন্ত্ৰীগৰাকীয়ে লগতে কয়।

শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!
সঁচা প্ৰমাণিত হোৱা বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী
আচৰিত! এইবিধ সৰু বস্তু বেগত ৰাখিলে হয় ধন বৃদ্ধি...