আজিৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত হোজাই জিলাৰ সদৰৰ নাম সলনি কৰা সিদ্ধান্ত লগতে ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । তদুপৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে ।
বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেলযোগে কেবিনেটৰ অন্যান্য সিদ্ধান্তসমূহৰ লগতে ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধ দিনৰ সন্দৰ্ভত চৰকাৰী সিদ্ধান্ত অৱগত কৰে ।
আজিৰ কেবিনেট বৈঠকত ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হয়। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অহাবৰ্ষত ৩৬ টা দিন বন্ধ থাকিব আৰু তাত নতুনকৈ ৭ টা সংৰক্ষিত বন্ধ সংযোজন কৰা হৈছে।
তদুপৰি আলি-আয়ে-লৃগাঙৰ দিনটোৰ বন্ধৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । কেবিনেটৰ সিদ্ধান্ত অনুসৰি, আলি-আয়ে-লৃগাঙৰ দিনটোত ৰাজ্যৰ ১১খন জিলাত চৰকাৰী বন্ধ প্ৰযোজ্য হ’ব।
ইফালে আজিৰ দিনটোত হোজাই জিলা সদৰৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। মঙলবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি হোজাই জিলা সদৰৰ নতুন নাম হ’ব ‘শ্ৰীমন্ত শংকৰদেৱ নগৰ’।