দায়িত্ব কমিল! কি দপ্তৰ কৰ্তন হ'ল মন্ত্ৰী পিযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ... | Assam Cabinet reshuffle Department cuts from jayanta malla Baruah and pijus Hazarika assam Assam news - Assam Tv9

দায়িত্ব কমিল! কি দপ্তৰ কৰ্তন হ’ল মন্ত্ৰী পিযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ…

Published: 

09 Dec 2024 17:49 PM

সোমবাৰে অসম মন্ত্ৰীসভাৰ ব্যাপক ৰদবদল হয়। নতুন ৪ গৰাকী মন্ত্ৰীক দপ্তৰ প্ৰদান কৰাৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ দপ্তৰ কৰ্তন হয়। ইয়াৰ লগতে আন কেইগৰাকীমান মন্ত্ৰীক অতিৰিক্ত দপ্তৰ অৰ্পন কৰা হয়। দপ্তৰ কৰ্তন যোৱা মন্ত্ৰীৰ ভিতৰত আছে পিযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা।

1 / 5অসম মন্ত্ৰীসভাত ব্যাপক ৰদবদল। নতুন ৪ মন্ত্ৰীক বিভাগ অৰ্পন কৰাৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ বিভাগ কৰ্তন হয়। ইয়াৰ লগতে কেইবাগৰাকী মন্ত্ৰীয়ে নতুন দায়িত্ব লাভ কৰে। জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পিযুষ হাজৰিকাৰ দপ্তৰ কৰ্তন হোৱাৰ লগতে অতুল বৰা, কেশৱ মহন্ত আদিয়ে নতুন দায়িত্ব লাভ কৰে।

অসম মন্ত্ৰীসভাত ব্যাপক ৰদবদল। নতুন ৪ মন্ত্ৰীক বিভাগ অৰ্পন কৰাৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ বিভাগ কৰ্তন হয়। ইয়াৰ লগতে কেইবাগৰাকী মন্ত্ৰীয়ে নতুন দায়িত্ব লাভ কৰে। জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পিযুষ হাজৰিকাৰ দপ্তৰ কৰ্তন হোৱাৰ লগতে অতুল বৰা, কেশৱ মহন্ত আদিয়ে নতুন দায়িত্ব লাভ কৰে।

2 / 5

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰা কৰ্তন হল পৰ্যটন বিভাগ। এই বিভাগৰ দায়িত্ব নতুনকৈ অৰ্পন কৰা হয় ৰঞ্জিত দাসক। এতিয়াৰ পৰা জয়ন্ত মল্ল বৰুৱাৰ হাতত থাকিব জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগ, গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগ। লগতে ৰঞ্জিত কুমাৰ দাসৰ হাতত থাকিব পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ, ন্যায়িক বিভাগ, পৰ্যটন বিভাগ, সাধাৰণ প্ৰশাসনিক বিভাগ।

3 / 5

মন্ত্ৰী পিযুষ হাজৰিকাৰ পৰা কৰ্তন হয় সংসদীয় পৰিক্ৰমা বিভাগ। এই বিভাগ অতিৰিক্তভাৱে চন্দ্ৰমোহন পাটোৱাৰীক অৰ্পন কৰা হয়। এতিয়াৰ পৰা চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত থাকিব এক্ট ইষ্ট পলিচি এফায়াৰ ডিপাৰ্টমেন্ট, পৰিবেশ আৰু বন বিভাগ, সংসদীয় পৰিক্ৰমা বিভাগ আৰু পিযুষ হাজৰিকাৰ হাতত থাকিব তথ্য জনসংযোগ প্ৰিন্টিং আৰু ষ্টেচনাৰী বিভাগ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ, জলসম্পদ বিভাগ।

4 / 5

মন্ত্ৰী কেশৱ মহন্তৰ পৰা কৰ্তন কৰা হয় আবকাৰী বিভাগ। এই বিভাগটোৰ দায়িত্ব অতিৰিক্তভাৱে প্ৰদান কৰা হয় অতুল বৰাৰ হাতত। আনহাতে কেশৱ মহন্তক অতিৰিক্তভাৱে ৰাজহ বিভাগৰ দায়িত্ব অৰ্পন কৰা হয়। এতিয়াৰ পৰা কেশৱ মহন্তৰ হাতত থাকিব ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, তথ্য প্ৰযুক্তি বিভাগ, বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগ।

5 / 5

মন্ত্ৰী অতুল বৰাক অতিৰিক্তভাৱে অৰ্পন কৰা হয় আবকাৰী বিভাগ। এইগৰাকী মন্ত্ৰীৰ হাতত থাকিব কৃষি বিভাগ, আবকাৰী বিভাগ, সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগ, উদ্যান শস্য বিভাগ, অসম চুক্তি ৰূপায়ন বিভাগ।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে