মৰিগাঁৱত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট: মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাক প্ৰদান কৰিব ৰাজভাট্টা | Assam cabinet will be held in marigaon may take decision about jonbeel mela assam Assam news - Assam Tv9

মৰিগাঁৱত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট: মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাক প্ৰদান কৰিব ৰাজভাট্টা

Published: 

12 Jan 2025 13:56 PM

Assam cabinet: প্ৰথমবাৰৰ বাবে মৰিগাঁৱত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক। মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে, অহ ১৬ জানুৱাৰীত মৰিগাঁৱত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হ'ব।

1 / 5প্ৰথমবাৰৰ বাবে মৰিগাঁৱত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট। এই সময়চোৱাত অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এয়া নিশ্চিতকৈ মৰিগাঁৱবাসীৰ বাবে ভাল খবৰ। মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে, অহা ১৬ জানুৱাৰীত মৰিগাঁৱত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট।

প্ৰথমবাৰৰ বাবে মৰিগাঁৱত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট। এই সময়চোৱাত অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এয়া নিশ্চিতকৈ মৰিগাঁৱবাসীৰ বাবে ভাল খবৰ। মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে, অহা ১৬ জানুৱাৰীত মৰিগাঁৱত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট।

2 / 5

জানিব পৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত কেবিনেটে মৰিগাঁৱৰ বাবে বহু ডাঙৰ ঘোষণা কৰিব পাৰে। জোনবিল মেলাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাসকলক ৰাজভাট্টাও প্ৰদান কৰিব।

3 / 5

জোনবিল মেলাৰ পৰা মুখ্যমন্ত্ৰীয়ে মৰিগাঁও আৰু দৰং জিলাৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হ'বলগীয়া ৯.৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং প্ৰত্যক্ষ কৰিব। তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীলৈ ঘূৰি আহিব। এই তথ্য প্ৰদান কৰিব মন্ত্ৰী পিয়ুষ হাজৰিকাই।

4 / 5

এই যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে পবিতৰালৈ পৰ্যটক আহিবৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ ওপৰতো পৰ্যালোচনা কৰিব। ইয়াৰোপৰি আৰু বিভিন্ন সিদ্ধান্ত অসম কেবিনেটে মৰিগাঁও জিলাৰ বাবে গ্ৰহণ কৰিব পাৰে।

5 / 5

উল্লেখ্য যে, ১৬ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক জোনবিল মেলা ৷ এই মেলালৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত তেওঁ ২২ গৰাকী তিৱা ৰজাত ৰাজভাট্টা প্ৰদান কৰিব। অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কোন দিনা জোনবিল মেলাত উপস্থিত হ'ব সেই তথ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা