গাহৰিৰ মাংস সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য | Assam Chief Minister makes big announcement on pork sales in Assam Assam news - Assam Tv9

Pork sales in Assam: গাহৰি বিক্ৰী কৰিব পাৰিব নে নোৱাৰে; কি পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে ?

Updated On: 

10 Jan 2025 13:35 PM

অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বাৰ্তাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গাহৰিৰ মাংস খাই ভালপোৱাসকলৰ মাজত । চাওক কি এই বাৰ্তা-

1 / 6ভোগালী উৰুকাৰ পূৰ্বে গাহৰিৰ মাংসপ্ৰেমীৰ বাবে আছে এটা সুখৰ খবৰ

ভোগালী উৰুকাৰ পূৰ্বে গাহৰিৰ মাংসপ্ৰেমীৰ বাবে আছে এটা সুখৰ খবৰ

2 / 6

গাহৰিৰ মাংসৰ বিক্ৰীৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বাৰ্তা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে

3 / 6

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ চৰকাৰী X হেণ্ডেলত প্ৰকাশিত এই বাৰ্তাই বিশেষকৈ সুখী কৰিব গুৱাহাটীত থকা গাহৰি মাংসপ্ৰেমীক

4 / 6

মুখ্যমন্ত্ৰীৰ বাৰ্তাটোত কোৱা হৈছে, "গাহৰিৰ মাংস আমাৰ জনজাতীয় জনসাধাৰণৰ লগতে আমাৰ মাজৰ আন বহু সম্প্ৰদায়ৰ বাবেও এক প্ৰিয় সুস্বাদু খাদ্য, আৰু ই এক চহকী সাংস্কৃতিক আৰু খাদ্যাভাসৰ তাৎপৰ্য প্ৰতিফলিত কৰে । গুৱাহাটীত গাহৰিৰ মাংস বিক্ৰী আৰু বধৰ ক্ষেত্ৰত কোনো বাধা নাই, কেৱল পৰিষ্কাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময়ৰ মানদণ্ড বজাই ৰখাটো জৰুৰী ।"

5 / 6

বিবৃতিটোত লগতে কোৱা হৈছে- "অসম চৰকাৰে জনস্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ সমান্তৰালকৈ সকলো সম্প্ৰদায়ৰ অধিকাৰ আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । গতিকে @gmc_guwahati ৰ দ্বাৰা জাৰি কৰা যিকোনো বিজ্ঞপ্তি য'ত গাহৰিৰ মাংস বিক্ৰী বা বধৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হয়, যদি আচলতে কাৰ্যকৰী হৈছে, তেন্তে ৰাইজৰ সাংস্কৃতিক, বস্ত্ৰ আৰু খাদ্যৰ পছন্দক সন্মান জনাই তৎকালীনভাৱে প্ৰত্যাহাৰ কৰা হ'ব ।"

6 / 6

উল্লেখ্য যে কেইদিনমান পূৰ্বে গুৱাহাটীত গাহৰিৰ মাংস বিক্ৰীকেন্দ্ৰিক এক বিতৰ্কৰ সূত্ৰপাত ঘটিছিল । যাৰ বাবে বহু সংখ্যক গাহৰি বিক্ৰেতাই প্ৰতিবাদো কৰিছিল । কিন্তু এই খবৰে ক্ৰেতা-বিক্ৰেতা সকলোকে আনন্দিত কৰি তুলিব ।

বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে