শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ছিংগাপুৰলৈ উৰা মাৰিব হিমন্ত বিশ্ব শৰ্মা…

দুদিনীয় কাৰ্যসূচীৰে সোমবাৰে ছিংগাপুৰ ভ্ৰমণ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ভ্ৰমণ কালত আগন্তুক এডভাণ্টেজ আছাম ২.০ ৰ প্ৰচাৰ কৰাৰ লগতে বিনিয়োগকাৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে ।

manas-borah
Manas Borah | Published: 09 Feb 2025 19:01 PM
আগন্তুক এডভাণ্টেজ আছাম ২.০ ৰ প্ৰচাৰৰ লগতে বিনিয়োগকাৰীক আমন্ত্ৰণ জনোৱাৰ বাবে দুদিনীয় কাৰ্যসূচীৰে সোমবাৰে ছিংগাপুৰ ভ্ৰমণ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভ্ৰমণৰ এই সময়ছোৱাত উন্নত উদ্যোগ আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ৰাজ্যখনক প্ৰদৰ্শন কৰাত গুৰুত্ব দিয়া হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই।

1 / 5
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয়, "অৰ্ধপৰিবাহী, প্ৰযুক্তি, আন্তঃগাঁথনি আৰু উৎপাদন আদি খণ্ডত ৰাজ্যখনৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি এডভাণ্টেজ আছাম ২.০ ৰ প্ৰচাৰৰ বাবে অহা দুদিন ধৰি মই ছিংগাপুৰত থাকিম।"

2 / 5
এই ভ্ৰমণ কাৰ্যসূচীৰ অংশ হিচাপে কৌশলগত সহযোগিতা আৰু বিনিয়োগৰ সুযোগসমূহ অন্বেষণ কৰিবৰ বাবে উদ্যোগিক নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমক উন্নত উদ্যোগ আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে স্থান দিয়াত বিশেষভাৱে গুৰুত্ব দিয়া হ’ব।

3 / 5
উল্লেখ্য যে, অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট । এই বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

4 / 5
মনকৰিবলগীয়া যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক কেবিনেটৰ সতীৰ্থসকলে বিভিন্ন ৰাজ্যৰ লগতে দেশৰ সম্ভাৱ্য বিনিয়োগকাৰীক সাক্ষাৎ কৰি এই সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই আহিছে।

5 / 5