ভোগালীৰ প্ৰাকক্ষণক ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ । ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব নগদবিহীন ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি । লগতে লাভ কৰিব পুৰণি পেঞ্চন আঁচনিৰ সুবিধা । এই বিষয়ত আজি জনতা ভৱনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
মুখ্যমন্ত্ৰী কাৰ্যালয়ে সদৰী কৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে । এই বৈঠকত ৰাজ্যৰ নিষ্ঠাবান কৰ্মশক্তিৰ কল্যাণ আৰু স্বাৰ্থত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলোৱা বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় ।
জানিব পৰা মতে, বৈঠকত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে আপোন ঘৰ গৃহ নিৰ্মাণ আঁচনিৰ প্ৰস্তাৱিত সংশোধনী, অৱসৰৰ বয়স, নগদবিহীন চিকিৎসাৰ সুবিধা আদিকে ধৰি কৰ্মচাৰী সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে।
সূত্ৰ খবৰ অনুসৰি, বৈঠকত আলোচনাৰ অনুসৰি, পহিলা এপ্ৰিলৰ পৰা নগদবিহীন ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি লগতে ১৩ হেজাৰ ফিক্সড পে, মাষ্টাৰৰোল কৰ্মচাৰীক ঘৰভাড়া, বানচ দিয়াৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ।
ইফালে নতুন পেঞ্চন আঁচনিৰ প্ৰৱৰ্তনৰ তথা ২০০৫ চনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে পুৰণি পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে । একেদৰে স্নাতক পৰ্যায়ৰ অৰ্হতাৰ পদসমূহত স্নাতক পৰ্যায়ৰ দৰমহা লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে । উল্লেখ্য যে, এই কথা জানিবলৈ দিছে কৰ্মচাৰী পৰিষদৰ নেতৃত্বই । লগতে এই আশ্বাস অসম চৰকাৰে পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে কৰ্মচাৰী পৰিষদে ।