অসমত থকা হাতীৰ সংখ্যা জানেনে? তথ্য প্ৰকাশ বন বিভাগৰ হাতীকেন্দ্ৰিক পিয়লত... | Assam Forest Dept has captured 5,828 elephant in assam says himanta biswa Assam news - Assam Tv9

অসমত থকা হাতীৰ সংখ্যা জানেনে? তথ্য প্ৰকাশ বন বিভাগৰ হাতীকেন্দ্ৰিক পিয়লত…

Published: 

02 Jan 2025 16:20 PM

ৰাজ্যত হাতী- মানুহৰ সংঘাত বৃদ্ধি হোৱাৰ মাজতে আন এক খবৰ পোহৰলৈ আহিছে। অসমত আছে ৫০০০ ৰো অধিক হাতী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এটা পোষ্টো কৰিছে।

1 / 5ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। কিন্তু ইয়াৰ মাজতে আন এক খবৰহে পোহৰলৈ আহিছে। শেহতীয়াকৈ অসম বন বিভাগে হাতীকেন্দ্ৰিক এক পিয়ল চলাই য'ত অসমত থকা হাতীৰ সংখ্যা প্ৰকাশ পায়। এই তথ্য সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে।

ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। কিন্তু ইয়াৰ মাজতে আন এক খবৰহে পোহৰলৈ আহিছে। শেহতীয়াকৈ অসম বন বিভাগে হাতীকেন্দ্ৰিক এক পিয়ল চলাই য'ত অসমত থকা হাতীৰ সংখ্যা প্ৰকাশ পায়। এই তথ্য সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে।

2 / 5

তথ্য অনুসৰি অসমত ৫,৮২৮ টা হাতী আছে। অসমৰ বন বিভাগে কৰা এই হাতীকেন্দ্ৰিক পিয়ল অনুসৰি ৰাজ্যত ৩৬ শতাংশ মাখুন্দীৰ সৈতে মুঠ ৫,৮২৮ টা হাতী আছে। ই পশুপ্ৰেমীৰ বাবে ভাল খবৰ বুলি কয় শৰ্মাই।

3 / 5

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখে যে, "সুৰক্ষিত হস্তীকুলৰ বাবে অসম অনুকূল। অসম যে এতিয়া পশু সুৰক্ষাৰ অনন্য ভূমি তাক প্ৰমাণ কৰিবলৈ সমৃদ্ধ সংখ্যাই যথেষ্ট৷ অসমৰ বন বিভাগে কৰা হাতীকেন্দ্ৰিক পিয়লত ৰাজ্যত ৩৬% প্ৰাপ্তবয়স্ক মাখুন্দীৰ সৈতে ৫,৮২৮টা হাতী থকাটো নিশ্চিত কৰিছে৷ এই ইতিবাচক বাৰ্তাই প্ৰতিগৰাকী পশুপ্ৰেমী আৰু প্ৰকৃতিপ্ৰেমীক আনন্দিত কৰি তুলিছে"।

4 / 5

উল্লেখ্য যে ৰাজ্যত হাতী- মানুহৰ সংঘাতে চূড়ান্ত ৰূপ লৈছে। উজনিৰ পৰা নামনিলৈ হাতী- মানুহৰ সংঘাত দেখা যায়। হাতীৰ সংখ্যা অধিক থকা পশুপ্ৰেমী আৰু প্ৰকৃতি প্ৰেমীৰ বাবে আনন্দৰ খবৰ যদিও হাতীৰ ফলত একাংশলোকে যথেষ্ঠ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। হাতীয়ে ঘৰ দুৱাৰ, খেতি পথাৰ আদি নষ্ট কৰাৰ লগতে বহু ঠাইত মানুহৰো প্ৰাণ লৈছে।

5 / 5

একাংশৰ মতে থকা ঠাই অভাৱৰ বাবে হাতীবোৰ জনসমাজলৈ ওলাই আহিছে। মানুহে গছ কাটি তহিলং কৰিছে যাৰ বাবে হাতীৰ এনে অৱস্থা হৈছে। এই ক্ষেত্ৰত চৰকাৰৰ যথেষ্ঠ কৰনীয় আছে। হাতীয়ে উপদ্ৰৱ চলোৱা একাংশলোকে চৰকাৰক প্ৰায়ে আহ্বান জনাই আহিছে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!