বিগত ৯ মাহত বিদ্যুতৰ বিলত ৩৩ কোটিৰো অধিক ৰাহি কৰিলে অসম চৰকাৰে... | Assam Government Saves Rs 33 Crore on Electricity Costs in 9 Months Assam news - Assam Tv9

বিগত ৯ মাহত বিদ্যুতৰ বিলত ৩৩ কোটিৰো অধিক ৰাহি কৰিলে অসম চৰকাৰে…

Published: 

15 Dec 2024 19:46 PM

বিগত ৯ মাহত অসম চৰকাৰে বিদ্যুতৰ খৰচত ৩৩ কোটিৰো অধিক টকা ৰাহি কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

1 / 5যোৱা ৯ মাহত বিদ্যুতৰ খৰচত ৩৩ কোটিৰো অধিক টকা ৰাহি কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰে । ইতিমধ্যে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, যোৱা ৯ মাহত তেওঁৰ চৰকাৰে বিদ্যুতৰ খৰচত ৩৩ কোটিৰো অধিক টকা ৰাহি কৰিছে।

যোৱা ৯ মাহত বিদ্যুতৰ খৰচত ৩৩ কোটিৰো অধিক টকা ৰাহি কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰে । ইতিমধ্যে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, যোৱা ৯ মাহত তেওঁৰ চৰকাৰে বিদ্যুতৰ খৰচত ৩৩ কোটিৰো অধিক টকা ৰাহি কৰিছে।

2 / 5

শুদ্ধ বিলিং পদ্ধতি, স্বয়ংক্ৰিয় সংযোগ বিচ্ছিন্ন, ব্যক্তিগত মিটাৰিং, মন্ত্ৰী আৰু বিষয়াই নিজে বিদ্যুতৰ বিল পৰিশোধ কৰা ব্যৱস্থা, চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ স্থাপন আদিৰ দ্বাৰা এই ধন ৰাহি হোৱা বুলি স্পষ্ট কৰি দিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

3 / 5

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, চৰকাৰী কাৰ্যালয়ত স্বয়ংক্ৰিয়ভাৱে সংযোগ বিচ্ছিন্ন কৰিব পৰা হোৱাৰ বাবে বিদ্যুৎ খৰচ ৰাহি হৈছে। এই পদক্ষেপে বিদ্য়ুতৰ খৰচ ৰাহি কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

4 / 5

ইফালে ৰাজ্যিক সচিবালয়ত সৌৰশক্তিৰ ব্যৱস্থা কৰাৰ ফলতো এই খৰচ হ্ৰাস পোৱা বুলি উল্লেখ কৰিছে মুখ্য়মন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, এক্স হেণ্ডেলৰ আন এটা পোষ্টৰ জৰিয়তে মখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি, জনতা ভৱনত সৌৰশক্তি ব্যৱহাৰ কৰাৰ ফলত জুলাইৰ পৰা নৱেম্বৰ মাহলৈকে বিদ্যুতৰ বিল ৮০ লাখ টকা হ্ৰাস পাইছে।

5 / 5

সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে কয় যে, মন্ত্ৰী, বিষয়াসকলে এতিয়া নিজৰ বিল নিজেই পৰিশোধ কৰে । ইয়াৰ ফলত চৰকাৰৰ সঞ্চয়ও হৈছে, যিটো যোৱা ৯ মাহত ৩৩ কোটি টকাৰ ওপৰত হৈছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

ভাৰতৰ ১০০ টকাৰ মূল্য কানাডাত কিমান হয় জানেনে?
শীতকালত বহু স্বাস্থ্যজনিত সমস্যাৰ সমাধান কেঁচা হালধি! এইদৰে ব্যৱহাৰ কৰক
শীতকালত ‘দেহৰ বন্ধু’ কমলা? কমলাৰ গুণৰ বিষয়ে জানিলে উপকৃত হ’ব আপুনি
বছৰৰ শেষৰ পূৰ্ণিমাৰ দিনা ভাগ্য ফুলিব এই ৪ ৰাশিৰ, বৃদ্ধি হ'ব ধন-সম্পত্তি, সুখ-শান্তি