শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঝুমুৰৰ পাছতে বাগৰুম্বা নৃত্যৰে অভিলেখ গঢ়িব ৰাজ্য চৰকাৰে, ইফালে জাতীয় সংগীতেৰেও অভিলেখ গঢ়াৰ কৰিছে চিন্তা-চৰ্চা

অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ উপলক্ষে ৰাজ্য চৰকাৰে এই বর্ণাঢ্য কার্যসূচী অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই বিশেষ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। ঝুমুৰৰ পিছত আন এক অসমৰ নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰাই দিয়াৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

barasha-misra
Barasha Misra | Published: 20 Feb 2025 17:24 PM
বিহু নৃত্যৰে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰে ঝুমুইৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িব। ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক বৰ্ণাঢ্য অনুষ্ঠান। এই অনুষ্ঠানত চাহ বাগিচাৰ ৮ হাজাৰতকৈ অধিক যুৱক-যুৱতীয়ে অংশগ্রহণ কৰিব।

1 / 5
অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ উপলক্ষে ৰাজ্য চৰকাৰে এই বর্ণাঢ্য কার্যসূচী অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই বিশেষ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। ঝুমুৰৰ পিছত আন এক অসমৰ নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰাই দিয়াৰ পৰিকল্পনা কৰি আছে ৰাজ্য চৰকাৰে।

2 / 5
ঝুমইৰ পাছতে বাগৰুম্বা নৃত্যৰেও অভিলেখ গঢ়িব ৰাজ্য চৰকাৰে৷ অক্টোবৰ-নৱেম্বৰ-ডিচেম্বৰত অনুষ্ঠিত হ'ব বাগৰুম্বা নৃত্য৷ খানাপাৰাত এডভাণ্টেজ আছাম ২.০ৰ প্ৰস্তুতিৰ বুজ লৈ সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

3 / 5
কেৱল বাগৰুম্বা নহয়, একেলগে ১ কোটি লোকেৰে জাতীয় সংগীত পৰিৱেশনেৰেও অভিলেখ গঢ়িবলৈ চেষ্টা অসম চৰকাৰৰ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে জনাই এই বছৰত অসমৰ উন্নয়নৰ বাবে বহু পৰিকল্পনা কৰিছে।

4 / 5
উল্লেখ্য যে, ঝুমুৰেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সৰুসজাইত চলিছে যুদ্ধকালীন প্ৰস্তুতি। প্ৰধানমন্ত্ৰীৰ সন্মুখত এডভাণ্টেজ আছাম ২.০ৰ অংশ স্বৰূপে ঝুমুৰ নৃত্য আয়োজন হ'ব। মাদলৰ তালে তালে এই অনুষ্ঠানত অংশগ্রহণ কৰিব বহু শিল্পীয়ে।

5 / 5